শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অসমত হ’ব পাৰে ২০২৭ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া! উত্তৰ গুৱাহাটীত দুখনকৈ ক্ৰীড়া একাডেমী মুকলি কৰি ক’লে মুখ্যমন্ত্ৰীয়ে

এই উদ্বোধনী অনুষ্ঠানৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে হাতত বেট লৈ বেটিং কৰাও দেখিবলৈ পোৱা গ’ল। এই ক্ষণৰ ফটো তথা ভিডিঅ’ও তেওঁ ফেচবুকত শ্বেয়াৰ কৰিছে।

monjit-dutta
Monjit Dutta | Updated On: 16 Aug 2025 15:13 PM
ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰত আজি সংযোজিত হ’ল ভৱিষ্যতৰ আশা বহন কৰা এক অভিলাসী প্ৰকল্প। উঠি অহা খেলুৱৈসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ আজি উত্তৰ গুৱাহাটীত মুকলি কৰা হয় দুখনকৈ উন্নত মানদণ্ডৰ ক্ৰীড়া একাডেমী। এই ক্ৰীড়া একাডেমী দুখন আজি মুকলি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

1 / 5
নতুন এই ক্ৰীড়া একাডেমী দুখনৰ ভিতৰত এখন হৈছে এখন অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট একাডেমী আৰু আনখন হৈছে গুৱাহাটী টাউন ক্লাবৰ ফুটবল একাডেমী। উত্তৰ ফুলুং ডেকাবাৰীৰ ৪০ বিঘা ভূমিত নিৰ্মাণ কৰা একাডেমী দুখনত উপলব্ধ হ'ব হোষ্টেল, জিম, পেভেলিয়ন, ইনড'ৰ ষ্টেডিয়াম, খেলপথাৰকে ধৰি সকলো ধৰণৰ সা- সুবিধা।

2 / 5
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই একাডেমী দুখনৰ জৰিয়তে ৰাজ্যত ক্ৰীড়া ক্ষেত্ৰত আমূল পৰিবৰ্তন আহিব বুলি মন্তব্য কৰে। তেওঁ লগতে ৰাজ্যবাসীৰ বাবে আন এক আশাৰ খবৰো দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে বাৰ্তালাপৰ সময়ত অহা ২০২৭ চনত অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে।

3 / 5
এক ফেচবুক পোষ্ট যোগে কয়, “আমি বিশ্বমানৰ খেলুৱৈ সৃষ্টি কৰিবলৈ হ'লে তেওঁলোকৰ বাবে বিশ্বমানৰ সা-সুবিধা সৃষ্টি কৰিব লাগিব৷ আৰু আমি অসমত ঠিক সেইটোৱেই কৰি আছো৷ আমি প্ৰতিখন জিলাতে ক্ৰীড়াৰ অনুশীলন সুন্দৰকৈ ল'ব পৰাকৈ উত্তম আন্তঃগাঁথনি সৃষ্টি কৰিছো, লগতে প্ৰশিক্ষণৰ ব্যৱস্থাও কৰিছো।”

4 / 5
এই উদ্বোধনী অনুষ্ঠানৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে হাতত বেট লৈ বেটিং কৰাও দেখিবলৈ পোৱা গ’ল। এই ক্ষণৰ ফটো তথা ভিডিঅ’ও তেওঁ ফেচবুকত শ্বেয়াৰ কৰিছে। এই অনুষ্ঠানত ৰাজ্যৰ কেবিনেট মন্ত্ৰী অশোক সিংহালো উপস্থিত থাকে। অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়ায় ভাৰতীয় ক্ৰিকেট সন্থাৰ সচিব দেৱজিৎ শইকীয়াই।

5 / 5