5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আজি ‘৪৩’ৰ দেওনা গৰকিলে কেপ্তেইন কুল ধোনীয়েঃ চাওক কেইটামান বিশেষ মুহূৰ্ত…

আজি ৭ জুলাই। ১৯৮১ চনৰ এই দিনটোতে ৰাঁচীৰ এক মধ্যবিত্ত পৰিয়ালত জন্ম হৈছিল এটি শিশুৰ। এই শিশুটিয়েই কালক্ৰমত হৈ পৰিছিল ভাৰতীয় ক্ৰিকেটৰ এটি চিৰ উজ্জল নক্ষত্ৰ। পৰিচিত হৈ পৰিছিল কেপ্তেইন কুল নামেৰে। তেওঁৰ তত্বাৱধানতে আই চি চি টুৰ্ণামেণ্টত পুনৰ প্ৰজ্বলিত হৈছিল ভাৰতীয় ক্ৰিকেৰ সাফল্যৰ বহ্নি। ৬-৭ বছৰৰ ভিতৰত ভাৰতে জয় কৰিছিল আই চি চিৰ মূল তিনিটা টুৰ্ণামেণ্টৰ খিতাপ। বিশ্ব ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ অধিনায়ক হিচাপে পৰিগণিত হোৱা মহেন্দ্ৰ সিং ধোনীয়ে আজি উদযাপন কৰিছে ৪৩ সংখ্যক জন্মদিন। এই বিশেষ দিনটোত চাওঁ আহক তেওঁৰ কেৰিয়াৰৰ কেইটামান বিশেষ মুহূৰ্ত-

monjit-dutta
Monjit Dutta | Published: 07 Jul 2024 12:22 PM
২০০৪ চনৰ ২৩ ডিচেম্বৰত চিটাগঙত বাংলাদেশৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটে মহেন্দ্ৰ সিং ধোনীৰ। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰথমখন মেচত কোনো ৰাণ সংগ্ৰহ নকৰাকৈয়ে দুৰ্ভাগ্যৱশতঃ ৰাণ আউট হয় ধোনী।

1 / 5
২০০৭ চনত আই চি চিয়ে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছিল টি-২০ বিশ্বকাপ। কেইবাগৰাকীও জ্যেষ্ঠ খেলুৱৈৰ অনুপস্থিতিত ধোনীক অধিনায়ক হিচাপে দায়িত্ব দি বিশ্বকাপৰ বাবে দল প্ৰেৰণ কৰিছিল বিচিচিআইয়ে। ব’ৰ্ডৰ এই সিদ্ধান্তক সঠিক প্ৰমাণিত কৰিছিল ধোনীয়ে। তেওঁৰ নেতৃত্বতে ভাৰতে ফাইনেলত পাকিস্তানক পৰাস্ত কৰি জয় কৰে উদ্বোধনী বৰ্ষৰ টি-২০ বিশ্বকাপ। ইয়াৰ পিছতে শুভাৰম্ভ ঘটে ভাৰতীয় ক্ৰিকেটৰ এক নতুন যুগৰ।

2 / 5
২০১১ চনৰ ২ এপ্ৰিল। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত শ্ৰীলংকাৰ বিপক্ষে ফাইনেলত অৱতীৰ্ণ হয় ধোনী নেতৃথাধীন ভাৰতীয় দল। ৱাংখেড়েত অৱশেষত অৱসান ঘটিছিল ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষা। ২৮ বছৰৰ অপেক্ষাৰ অন্তত ভাৰতীয় দলে জয় কৰে বিশ্বকাপ। অপৰাজিত ৯১ ৰাণৰ ইনিংছেৰে প্লেয়াৰ অফ দ্য মেচ হয় ধোনী।

3 / 5
২০১৩ চনৰ ২৩ জুনত এজবাষ্টন ক্ৰিকেট গ্ৰাউণ্ডত ইংলেণ্ড আৰু ভাৰতৰ মাজত অনুষ্ঠিত হৈছিল আইচিচি চেম্পিয়নছ ট্ৰফীৰ ফাইনেল। বৰ্ষাবিঘ্নিত মেচখনত ধোনীৰ নেতৃত্বত ভাৰতীয় দলে ইংলেণ্ডক ৫ ৰাণত পৰাস্ত কৰি দখল কৰে চেম্পিয়নছ ট্ৰফী খিতাপ।

4 / 5
২০১৯ চনৰ ১০ জুলাইত জাতীয় দলৰ জাৰ্চি পৰিধান কৰি অন্তিমবাৰৰ বাবে ফিল্ডত নামে মহেন্দ্ৰ সিং ধোনী। নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ এই ছেমি ফাইনেল মেচখনত ভাৰতীয় দলৰ বিপৰ্যয়ৰ মাজতে ধোনীয়ে জীয়াই ৰাখিছিল জয়ৰ আশা। কিন্তু ধোনীৰ ৰাণ আউটৰ লগে লগে ভাৰতৰ এই আশা নিৰ্বাপিত হয়। চকুলো টুকি খেলপথাৰৰ পৰা ওলাই আহে ধোনী। তেওঁৰ লগতে কান্দি উঠে দেশ। ইয়াৰ পিছত আৰু ভাৰতীয় দলৰ হৈ দেখা নগ’ল ধোনীক। ৰাণ আউটেৰে আৰম্ভ হোৱা ধোনীৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ ৰাণ আউটেৰেই সমাপ্ত ঘটে।

5 / 5
Latest Stories