শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰেমৰ পৰা কেৰিয়াৰলৈ…জুলাই মাহত কপাল ফুলিব এই ৫ ৰাশিৰ জাতক-জাতিকাৰ

আজিৰে পৰা আৰম্ভ হৈছে জুলাই মাহৰ। কেইটামান ৰাশিৰ বাবে নতুন মাহটো বিশেষ হ’ব। লগতে এই ৰাশিয়ে প্ৰেম, কেৰিয়াৰ, স্বাস্থ্য, ব্যৱসায়ত এই মাহত সফলতা লাভ কৰিব।

trishna-kalita
Trishna Kalita | Published: 01 Jul 2025 17:10 PM
জুলাই মাহ আৰম্ভ হৈছে। এই ৫টা ৰাশিৰ বাবে এই মাহটো অতি বিশেষ হ’ব। জুলাই মাহত কোনকেইটা ৰাশিৰ লোকে সফলতা লাভ কৰিব জানক।

1 / 6
বৃষ ৰাশি - জুলাই মাহত বৃষ ৰাশিৰ লোকৰ আৰ্থিক অৱস্থা সুদৃঢ় হ’ব। এই মাহটো টকাৰ ক্ষেত্ৰত ভাল হ’ব। আবদ্ধ হৈ থকা টকা ঘূৰাই পাব। লগতে কেৰিয়াৰত নতুন সম্ভাৱনাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ উপৰিও পৰিয়ালত সুখ-সুবিধা বৃদ্ধি পাব। এই মাহত আপোনাৰ শুভ নম্বৰ হ'ব ৬ আৰু শুভ ৰং সেউজীয়া।

2 / 6
সিংহ ৰাশি - কৰ্মক্ষেত্ৰত সিংহ ৰাশিৰ লোকৰ বাবে জুলাই মাহটো অতি উত্তম হ'ব, এই মাহত আপোনাৰ সুনাম বৃদ্ধি পাব। পদোন্নতি বা নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। এই মাহত আপুনি বিনিয়োগৰ দ্বাৰা লাভৱান হ’ব। প্ৰেমত ইতিবাচক সময় আহিব পাৰে। ভ্ৰমণৰ পৰা ভাল খবৰ পাব পাৰে। শুভ ৰং সোণালী শুভলাকী নম্বৰ  হ'ব ১।

3 / 6
তুলা ৰাশি: জুলাই মাহত তুলা ৰাশিৰ লোকৰ আইনী বাধা আঁতৰ হ’ব। ব্যৱসায়ত ডাঙৰ কিবা ঘটিব পাৰে। আপুনি অংশীদাৰৰ পৰা সমৰ্থন পাব, যিয়ে আপোনাক সুখী কৰি ৰাখিব। সামাজিক প্ৰতিপত্তি বাঢ়িব। স্বাস্থ্যৰ উন্নতি হ’ব পাৰে। শুভ ৰং বগা শুভ নম্বৰ হ’ব ৭।

4 / 6
ধনু ৰাশি: ধনু ৰাশিৰ লোকে এই মাহত বহিঃৰাজ্য ভ্ৰমণৰ দ্বাৰা বা বিদেশৰ পৰা উপকৃত হ’ব পাৰে। নতুন চাকৰি বা পদোন্নতিৰ সম্ভাৱনা আছে। পুৰণি ঋণ পৰিশোধ হ’ব, যাৰ ফলত আপোনাৰ মানসিক চাপৰ অন্ত পৰিব। প্ৰেমত শুভ। ছাত্ৰ-ছাত্ৰীয়ে সফলতা লাভ কৰিব। শুভ  ৰং হালধীয়া আৰু শুভ নম্বৰ হ’ব ৩।

5 / 6
মীন ৰাশি: জুলাই মাহত মীন ৰাশিৰ লোকসকলৰ বাকী থকা কাম সম্পূৰ্ণ হ’ব। আৰ্থিক অৱস্থা সুদৃঢ় হ’ব। সম্পৰ্ক ভাল হ’ব। স্বাস্থ্যৰ উন্নতি সম্ভাৱনা প্ৰকট। আধ্যাত্মিক প্ৰগতিৰ পথত আগবাঢ়িব পাৰিব, মানসিক শান্তি অনুভৱ কৰিব। শুভ ৰং নীলা শুভ লাকী নম্বৰ হ’ব ৯।

6 / 6