শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰতিবাদত কঁপিছে তিনিচুকীয়াঃ জনজাতিকৰণৰ দাবীৰে বিশাল জোঁৰ সমদল মৰাণ সংগঠনৰ

সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠনৰ উদ্যোগত তিনিচুকীয়াত বিশাল জোঁৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰা হয়। মৰাণ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰি চৰকাৰৰ ওচৰত দাবী জনাই গ্ৰহণ কৰা এই জোঁৰ সমদল কাৰ্যসূচী দ্বিতীয় দিনা পুৰুষ-মহিলা নিৰ্বিশেষ ব্যাপকসংখ্যক লোক সমবেত হয়।

monjit-dutta
Monjit Dutta | Published: 05 Sep 2025 00:31 AM
বৃহস্পতিবাৰে অগ্নিশিখাৰে ৰঙা হৈ উঠিল তিনিচুকীয়াৰ ৰাজপথ। জনজাতিকৰণৰ দাবীৰে পুনৰ তিনিচুকীয়াৰ ৰাজপথত নামিছে কেইবাটাও মৰাণ সংগঠন। জিলাখনৰ কাকপথাৰত জোৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰি বিশাল প্ৰতিবাদ গঢ়ি তুলিছে মৰাণ সংগঠনসমূহে।

1 / 5
সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠনৰ উদ্যোগত এই জোঁৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰা হয়। মৰাণ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰি কেন্দ্ৰ চৰকাৰৰ ওচৰত দাবী জনাই গ্ৰহণ কৰা এই জোঁৰ সমদল কাৰ্যসূচী দ্বিতীয় দিনা পুৰুষ-মহিলা নিৰ্বিশেষ ব্যাপকসংখ্যক লোক সমবেত হয়।

2 / 5
এই বিশাল প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব গ্ৰহণ কৰা এগৰাকী মৰাণ ছাত্ৰ নেতাই কয় যে মৰাণ জনজাতি হৈছে আদিম ভূমিপুত্ৰ জনজাতি।‌ মৰাণ জনজাতি সকলে বিভিন্ন সময়ত তেওঁলোকৰ জনজাতিকৰণৰ মৰ্যাদা বিচাৰি বিভিন্ন সময়ত চৰকাৰক আবেদন-নিবেদন কৰি আহিছে যদিও আজি পৰ্যন্ত জনজাতিকৰণৰ মৰ্যাদা লাভ নকৰিলে।

3 / 5
সেয়ে এই আদিম ভূমিপুত্ৰ মৰাণ জনজাতিক অতিশীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা,ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত প্ৰদান কৰা আদি কৰি কেইবাদফীয়া দাবী লৈ তিনিচুকীয়াৰ কাকপথাৰ পৰা জোঁৰ সমদল বাহিৰ কৰা হৈছে বুলি ছাত্ৰ নেতাগৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে।

4 / 5
অসম চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ দৰেই জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগে বুলি দাবী কৰে মৰাণ ছাত্ৰনেতাগৰাকীয়ে। ভুৱা প্ৰতিশ্ৰুতিৰে আলোচনাৰ নামত পুনৰ দিল্লী-দিছপুৰ নাযাওঁ বুলি উল্লেখ কৰি তেওঁ লগতে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে অধিক ভয়ংকৰ প্ৰতিবাদ হ’ব বুলিও সকীয়াই দিয়ে।

5 / 5