শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাথাৰকান্দিত মুখ্যমন্ত্ৰী, ১৬,০০০ ৰো অধিক মহিলাই লাভ কৰিলে ১০,০০০ টকাৰ চেক…

আজি পাথাৰকান্দিত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তাৰ পাছতে হাজাৰ হাজাৰ মহিলাৰ মাজত চেক বিতৰণ কৰে। মহিলা উদ্যমিতা অভিযানৰ অধীনত মহিলাসকলে লাভ কৰে ১০,০০০টকা।

barasha-sarma
Barasha Sarma | Published: 01 Sep 2025 14:43 PM
কেইবাটাও কাৰ্যসূচী হাতত লৈ সোমবাৰে শ্ৰীভূমিৰ পাথাৰকান্দিত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পুৱা ১০.৩০ বজাত মুখ্যমন্ত্রী শৰ্মাই শিলচৰৰ পৰা হেলিকপ্টাৰযোগে পাথাৰকান্দিত উপস্থিত হয়।

1 / 5
তাৰ পাছতে শৰ্মাই  বিশাল জনসভা সম্বোধন কৰে। পাথাৰকান্দিৰ মুন্ডুমালা খেলপথাৰত “মুখ্যমন্ত্ৰী মহিলা উদ্যোমিতা আঁচনি'' ৰ অনুষ্ঠানত অংশ লৈ শৰ্মাই হিতাধিকাৰীসকলক চেক প্ৰদান কৰে। তাৰ পাছতে তেওঁ তিনি মহলীয়া নবনিৰ্মিত পাথাৰকান্দি মণ্ডল কাৰ্যালয় উদ্বোধন কৰে ।

2 / 5
মুখ্যমন্ত্ৰীয়ে জনাই যে,পাথাৰকান্দিৰ ১৬,০০০তকৈ অধিক মহিলাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১০,০০০ টকাকৈ লাভ কৰে। তেওঁ লগতে কয় যে, বৰাক উপত্যকাৰ সৰ্বাংগীন উন্নয়নৰ সপোন বাস্তৱায়িত কৰাত এই মহিলাসকল চালিকাশক্তি।

3 / 5
উল্লেখ্য যে, মহিলাসকলক আৰ্থিক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে চৰকাৰে আৰম্ভ কৰিছিল মহিলা উদ্যমিতা অভিযান। ইয়াৰ অধীনত ৰাজ্যৰ ৩৫ লাখৰো অধিক মহিলাই ৩ বছৰত ৮৫ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য লাভ কৰিব। মহিলাসকলক লাখপতি বাইদেউ কৰাৰ লক্ষ্য চৰকাৰৰ।

4 / 5
ইতিমধ্যে কেইবাখনো জিলাত মহিলা উদ্যমিতা অভিযানৰ ধন লাভ কৰিছে মহিলাসকলে। এই ধন সু-ব্যৱহাৰ কৰিব পাৰিলে মহিলাসকলে পাছৰ পৰ্যায়ত ২৫,০০০ টকা লাভ কৰিব। এনেকৈ মুঠ ৮৫,০০০ টকা প্ৰদান কৰিব।

5 / 5