শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নগাঁৱৰ ২৬,৫৮৫ মহিলাই লাভ কৰিলে ১০ হাজাৰকৈ টকা, মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিলে চেক…

Mahila Udyamita Scheme: আজি নগাঁৱৰ হাজাৰ হাজাৰ মহিলাই লাভ কৰে ১০ হাজাৰ টকাৰ চেক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই চেক প্ৰদান কৰে। মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰদান কৰা হৈছে এই ধন।

barasha-sarma
Barasha Sarma | Published: 22 Oct 2025 15:51 PM
বুধবাৰে নগাঁও বটদ্ৰৱা সমষ্টিৰ প্ৰায় ২৭০০০ মহিলাক মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই আঁচনিৰ অধীনত মহিলাসকলক প্ৰথম পৰ্যায়ত ১০,০০০ টকা প্ৰদান কৰা হৈছে। পৰৱৰ্তী সময়ত চৰ্ত সাপেক্ষে আৰু অধিক ধনৰাশি প্ৰদান কৰিব।

1 / 5
তথ্য অনুসৰি, নগাঁও-বটদ্ৰৱা সমষ্টিৰ সৰ্বমুঠ ২৬,৫৮৫ হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত ১০ হাজাৰ টকাকৈ চেক প্ৰদান কৰে শৰ্মাই। ইয়াৰে ১৯,৬২৮গৰাকী হিতাধিকাৰী গ্ৰামাঞ্চলৰ আৰু ৬,৯৫৭গৰাকী হিতাধিকাৰী নগৰাঞ্চলৰ।

2 / 5
শৰ্মাই কয় যে, এই অভিযানৰ জৰিয়তে আজি নগাঁও-বটদ্ৰৱা বিধান সভা সমষ্টিয়ে ২৬.৫৮ কোটিৰো অধিক টকা লাভ কৰিলে।এই অভিযানৰ জৰিয়তে কৃষি, পশুপালন, হস্ততাঁত আৰু হস্তশিল্পকে প্ৰমুখ্য কৰি আন বিভিন্ন ক্ষেত্ৰত মহিলা উদ্যোগীৰ বিকাশৰ জৰিয়তে গাঁওকেন্দ্ৰিক জীৱিকাৰ বিকল্প সম্ভাৱনাৰ প্ৰসাৰ ঘটাবলৈ লক্ষ্য লোৱা হৈছে।

3 / 5
এই সন্দৰ্ভত সামাজিক মাধ্যমত শৰ্মাই লিখে যে,তেওঁ এই চেক বিতৰণ কৰিবলৈ পাই সুখী হৈছে। লগতে লিখে- ''অনুষ্ঠানত  ভাৰতৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ 'মানুহে মানুহৰ বাবে' শীৰ্ষক কালজয়ী গানটো সভাত উপস্থিত ২৭ হাজাৰৰো অধিক আই-মাতৃ আৰু অন্যান্যসকলৰ সৈতে সমস্বৰে গাই অভিভূত হৈছোঁ''৷

4 / 5
উল্লেখ্য যে, এই আঁচনিৰ অধীনত মহিলাসকলক প্ৰথম পৰ্যায়ত ১০,০০০কৈ টকা প্ৰদান কৰা হৈছে। ইতিমধ্যে কেইবাটা সমষ্টিৰ মহিলাই এই আঁচনিৰ ধন লাভ কৰিছে। মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ বাবে এই  বিশেষ পদক্ষেপ।

5 / 5