শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Magh bihu 2025: কেতিয়া পালন কৰা হ’ব মাঘ বিহু? চাওক জানুৱাৰী মাহৰ চৰকাৰী বন্ধৰ তালিকা…

অৱশেষত প্ৰকাশ পালে চৰকাৰী বন্ধৰ তালিকা। আগন্তুক বৰ্ষত মুঠ ৩৬ টা দিন চৰকাৰী বন্ধ থাকিব। ইয়াৰ লগতে ১ দিন থাকিব অৰ্ধ ছুটী। ২০২৫ বৰ্ষৰ জানুৱাৰী মাহত মুঠ ১১ টা দিন চৰকাৰী বন্ধ থাকিব।

barasha-sarma
Barasha Sarma | Updated On: 17 Dec 2024 15:47 PM
প্ৰকাশ পালে অসমৰ চৰকাৰী বন্ধৰ তালিকা। ২০২৫ চনৰ চৰকাৰী বন্ধৰ তালিকা অনুসৰি মুঠ ৩৬ টা বন্ধ আৰু ১ টা দিন অৰ্ধ ছুটী থাকিব। ইয়াৰোপৰি দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ, দেওবাৰে চৰকাৰী কাৰ্যালয় বন্ধ থাকিব।

1 / 5
২০২৫ চনৰ জানুৱাৰী মাহত ১১ টা দিন বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। গতিকে  চৰকাৰী কিবা কামৰ বাবে যোৱাৰ পূৰ্বে এই দিনকেইটা মনত ৰখা দৰকাৰ। জানুৱাৰী মাহত হেঁপাহৰ ভোগালী বিহুৰ লগতে, গণৰাজ্য দিৱস, নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন আদিকে ধৰি মুঠ ১১টা দিন বন্ধ থাকিব।

2 / 5
জানুৱাৰী মাহৰ ১৪ জানুৱাৰী মঙলবাৰ আৰু ১৫ জানুৱাৰী, বুধবাৰে চৰকাৰী কাৰ্যালয় বন্ধ থাকিব। এই দুটা দিনত মাঘ বিহু আৰু তচু পূজা উপলক্ষ্যে বন্ধ থাকিব। লগতে ১৯ জানুৱাৰীত দেওবাৰ উপলক্ষে চৰকাৰী কাৰ্যালয় বন্ধ থাকিব। এইবাৰ ১৩ জানুৱাৰীত উৰুকা আৰু ১৪ জানুৱাৰীত মেজি জ্বলোৱা পৰ্ব পালন কৰা হ'ব। লগতে ১৫ জানুৱাৰীত মাঘ বিহু পালন কৰা হ'ব ।

3 / 5
ইয়াৰোপৰি ২৩ জানুৱাৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন উপলক্ষে চৰকাৰী বন্ধ থাকিব। ২৮ জানুৱাৰীত বাথৌ পূজা উপলক্ষে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। লগতে ৩১ জানুৱাৰীত মেডাম মে ফি উপলক্ষে চৰকাৰী কাৰ্যালয় বন্ধ থাকিব।

4 / 5
এইবোৰৰ উপৰি ১১ জানুৱাৰীত দ্বিতীয় শনিবাৰ, ২৫ জানুৱাৰী চতুৰ্থ শনিবাৰৰ লগতে ৫ জানুৱাৰী, ১২ জানুৱাৰী আৰু ১৯ জানুৱাৰীত দেওবাৰ উপলক্ষ চৰকাৰী কাৰ্যালয় বন্ধ থাকিব। এইবাৰ গণৰাজ্য দিৱল ২৬ জানুৱাৰী দেওবাৰে পৰিছে। গতিকে জানুৱাৰী মাহত মুঠ ১১ দিন চৰকাৰী কাৰ্যালয় বন্ধ থাকিব।

5 / 5