শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Kaziranga national park: কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান…

kaziranga: ১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। মুকলিৰ বাবে ইতিমধ্যে যাৱতীয় সকলো কাম-কাজ সম্পূৰ্ণ হৈছে। প্ৰথম অৱস্থাত পৰ্যটকৰ বাবে জীপ ছাফাৰীৰ ব্যৱস্থা থাকিব যদিও পাছলৈ হাতী ছাফাৰীৰ ব্যৱস্থা কৰা হ'ব।

barasha-sarma
Barasha Sarma | Updated On: 30 Sep 2024 14:34 PM
পুনৰ পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বিগত বৰ্ষত পৰ্যটকৰ আগমনে অভিলেখ গঢ়াৰ দৰে এইবাৰ কাজিৰঙা পৰ্যটন বৰ্ষ আৰম্ভ কৰিবলৈ যো- জা কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। কাইলৈ পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ লগে লগে আৰম্ভ হ'ব ২০২৪-২৫ পৰ্যটন বৰ্ষ।

1 / 5
প্ৰথম অৱস্থাত জীপ ছাফাৰী আৰম্ভ হব যদিও ১ নৱেম্বৰৰ পৰা হাতী ছাফাৰীও আৰম্ভ হ'ব। ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাট- পছ মেৰামতি কৰাৰ লগতে উদ্যানত পৰ্যটকক ফুৰাবলগীয়া জীপ চালকসকলৰো প্ৰশিক্ষণ প্ৰায় সম্পূৰ্ণ হৈছে।  ১ অক্টোবৰত ৰাষ্ট্ৰীয় উদ্যানখনৰ কাজিৰঙা বনাঞ্চল, বাগৰি বনাঞ্চল আৰু বুঢ়া পাহাৰ বনাঞ্চলৰ কেইটামান অংশহে মুকলি কৰি দিয়া হ'ব।

2 / 5
সেই অনুসৰি কাজিৰঙা বনাঞ্চলত মিহিমুখৰ পৰা ডাফলাং হৈ ভৈছামাৰীলৈকে পৰ্যটকে জীপ ছাফাৰী কৰিব পাৰিব। ইয়াৰ লগতে বাগৰি বনাঞ্চলক বিমলী তিনিআলিৰ পৰা ডোঙালৈকে আৰু বুঢ়াপাহাৰ বনাঞ্চলত ডিফুল নদীলৈকে জীপ ছাফাৰী কৰিব পাৰিব।

3 / 5
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (ফাইল ফটো)

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (ফাইল ফটো)

4 / 5
যোৱা বিত্তীয় বৰ্ষত দেশী- বিদেশী পৰ্যটকৰ পৰা  লাভ কৰা ৰাজহৰ পৰিমাণ আছিল ৮,৩৩,৮৫,৪৮৩ টকা। ইয়াৰ লগতে যোৱা বিত্তীয় বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যাও বৃদ্ধি পাইছিল।  গতিকে এইবাৰো নতুন অভিলেখ ৰচিবলৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ।

5 / 5