শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আই পি এলৰ নিলামত পণ্টৰ বাবে উঠিব ৫০ কোটিৰ দৰ! কোনে কৰিলে এই ভৱিষ্যদ্বাণী…

আই পি এল ২০২৫ৰ বাবে অনুষ্ঠিত হ’বলগীয়া মেগা নিলামত এইবাৰ দেখা যাব ভাৰতীয় দলৰ তাৰকা খেলুৱৈ ঋষভ পণ্ট। দিল্লী কেপিটেলছে নিলামৰ পূৰ্বে পণ্টক মুকলি কৰি দিয়াৰ পিছত এতিয়া নিলামত পণ্টৰ দৰ বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা গা কৰি উঠিছে। এই চৰ্চা অব্যাহত থকাৰ সময়তে পাকিস্তানৰ এগৰাকী প্ৰাক্তন খেলুৱৈয়ে পণ্টে আগন্তুক মেগা নিলামত ৫০ কোটি টকা পাব পাৰে বুলি মন্তব্য কৰিছে।

monjit-dutta
Monjit Dutta | Published: 04 Nov 2024 18:33 PM
আই পি এলৰ আগন্তুক মেগা নিলামত ভাৰতীয় তাৰকা ঋষভ পণ্টৰ অভিলেখ দৰ উঠাৰ সম্ভাৱনা গা কৰি উঠিছে। কোনো কোনো ক্ৰিকেট বিশেষজ্ঞ তথা অনুৰাগীয়ে পণ্ট এই নিলামত আই পি এল ইতিহাসৰ সৰ্বাধিক ধনৱন্ত খেলুৱৈ হিচাপে পৰিগণিত হ’ব পাৰে বুলিও সম্ভাৱনা প্ৰকাশ কৰিছে। শেহতীয়াকৈ পণ্টে নিউজিলেণ্ডৰ বিপক্ষে উজ্জ্বল প্ৰদৰ্শনেৰে নিজকে পুনৰ এবাৰ প্ৰমাণিত কৰিছে। এই প্ৰদৰ্শনত আপ্লুত হৈছে পাকিস্তানৰ এগৰাকী প্ৰাক্তন খেলুৱৈ।

1 / 5
পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ বছিত আলীয়ে ঋষভ পণ্টক উচ্চ প্ৰশংসা কৰিছে। নিউজিলেণ্ডৰ বিৰুদ্ধে মুম্বাই টেষ্টৰ দুয়োটা ইনিংছতে যুঁজাৰু বেটিঙেৰে পণ্টে আদায় কৰিছে সকলোৰে প্ৰশংসা। এই প্ৰদৰ্শনৰ পিছতে বছিত আলীয়ে আগন্তুক নিলামত পণ্টৰ বাবে বৃহৎ দৰ উঠিব আৰু তেওঁ ৫০ কোটি টকাও পাব পাৰে বুলি মন্তব্য কৰিছে।

2 / 5
বছিত আলীয়ে পণ্টক প্ৰশংসা কৰি কয় যে ঋষভ পণ্টে প্ৰথম ইনিংছত ৬০ ৰান আৰু দ্বিতীয় ইনিংছত ৬৪ ৰান সংগ্ৰহ কৰিছে। এই প্ৰদৰ্শনত আশ্চৰ্য প্ৰকাশ কৰি বছিত আলীয়ে লগতে পণ্ট ২৫ কোটি টকাৰ যোগ্য বুলি কোনো কোনো লোকে কৈছে যদিও তেওঁ প্ৰকৃততে ৫০ কোটি টকা পাব লাগে বুলি উল্লেখ কৰে।

3 / 5
প্ৰাক্তন খেলুৱৈগৰাকীয়ে লগতে কয় যে মুম্বাই টেষ্টত পণ্ট শ্বট নিৰ্বাচনত অত্যন্ত স্মাৰ্ট আছিল আৰু নিজৰ দুৰ্বল দিশত শ্বট খেলিব নালাগে বুলি তেওঁ জানিছিল। বাকী খেলুৱৈসকল এই ক্ষেত্ৰত সফল নহ’ল বুলি বছিত আলীয়ে লগতে কয়।

4 / 5
উল্লেখ্য যে নিউজিলেণ্ডৰ বিপক্ষে শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন হিচাপে পৰিগণিত হয় পণ্ট। এই শৃংখলাত পণ্টে তিনিটা অৰ্ধশতকসহ ৪৩.৫০ গড়ে ২৬১ ৰান সংগ্ৰহ কৰে। পণ্টৰ এই প্ৰদৰ্শনে আগন্তুক আই পি এলৰ নিলামত স্বাভাৱিকতেই প্ৰতিটো ফ্ৰেন্সাইজিকে আকৰ্ষিত কৰিব।

5 / 5