শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অৱশেষত ফাদিল অভিনেত্ৰী শ্বেফালী জাৰিৱালাৰ মৃত্যুৰ ৰহস্য, শ্বেফালী ঘৰত পোৱা ৩ বিধ ঔষধ কিহৰ আছিল?

জনপ্ৰিয় অভিনেত্ৰী তথা মডেল শ্বেফালী জাৰিৱালা আৰু এই পৃথিৱীত নাই। ২৭ জুনত তেওঁৰ মৃত্যুৰ খবৰ পোহৰলৈ আহে। তেতিয়াৰ পৰাই আৰক্ষীয়ে এই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে শ্বেফালীৰ ঘৰৰ পৰাও ৩ বিধ ঔষধ উদ্ধাৰ কৰে।

barasha-misra
Barasha Misra | Published: 01 Jul 2025 17:03 PM
‘কাটা লাগা গাৰ্ল’ নামেৰে খ্যাত শ্বেফালী জাৰিৱালাৰ মৃত্যুৱে সকলোকে আচৰিত কৰিছে। অনুৰাগীসকলে ২৭ জুনৰ নিশা এই খবৰটো পাই শোকস্তব্ধ হৈ পৰে। হাৰ্ট এটেকৰ ফলত মৃত্যু হোৱা বুলি কোৱা হৈছিল যদিও আৰক্ষীয়ে আন দিশৰ ফালৰ পৰাও তদন্ত চলাইছে।

1 / 5
তদন্তৰ সময়ত ফৰেনছিক চাইন্স লেবৰ (FSL)ৰ দলটোৱে শ্বেফালীৰ ঘৰত উপস্থিত হোৱাৰ সময়ত অভিনেত্ৰীগৰাকীৰ ঘৰৰ পৰা ৩ বিধ ঔষধ উদ্ধাৰ কৰে। যিবোৰ শ্বেফালীয়ে প্ৰতিদিনে সেৱন কৰি আছিল। এফ এছ এলৰ দলটোৱে তেওঁৰ ঘৰৰ পৰা এন্টি এজিং বেজী, ভিটামিন বেজী আৰু গেষ্ট্ৰিকৰ ঔষধ উদ্ধাৰ কৰে।

2 / 5
শ্বেফালী জাৰিৱালাৰ মৃত্যুৰ ঘটনাই লৈছে নতুন মোৰ। তথ্যনুসৰি, মৰণোত্তৰ প্ৰতিবেদনত ৰক্তচাপ দ্ৰুত হ্ৰাস আৰু হাৰ্ট এটেকক মৃত্যুৰ কাৰণ হিচাপে উল্লেখ কৰা হৈছে। তদন্তত পোহৰলৈ আহে যে, শ্বেফালীয়ে নিজকে সৰু দেখাবলৈ যোৱা ৭-৮ বছৰ ধৰি এন্টি এজিং চিকিৎসা কৰি আছিল।

3 / 5
যিদিনা শ্বেফালীৰ মৃত্যু হৈছিল সেইদিনা তেওঁ ব্ৰতত আছিল। অভিনেত্ৰীগৰাকীয়ে ভিটামিন বেজীও লৈছিল। ইয়াৰ উদ্দেশ্য হৈছে শৰীৰত থকা ভিটামিনৰ অভাৱ দূৰ কৰা। যেতিয়া খাদ্যৰ দ্বাৰা ভিটামিনৰ অভাৱ পূৰণ কৰিব নোৱাৰে তেতিয়া চিকিৎসকে এই বেজীবোৰ ল'বলৈ দিয়ে। ইয়াৰোপৰি অভিনেত্ৰীগৰাকীয়ে পাচনতন্ত্ৰৰ হোৱা সমস্যাৰ চিকিৎসাৰ বাবে গেছৰ ঔষধো গ্ৰহণ কৰিছিল।

4 / 5
উল্লেখ্য যে, ২৭ জুনত শ্বেফালীয়ে নিজৰ ঘৰত পূজা কৰিছিল। সেইদিনা অবিনেত্ৰীগৰাকীয়ে ব্ৰতো পালন কৰিছিল। ব্ৰতৰ কাৰণে তেওঁ একো খোৱা নাছিল আৰু সেই সময়ছোৱাতে এন্টি এজিং বেজীও লৈছিল। পূজাৰ অন্তত তেওঁ ফ্ৰীজত ৰখা খাদ্য উলিয়াই খায়। ইয়াৰ লগে লগে ৰক্তচাপ কমি গৈ অজ্ঞান হৈ পৰে।

5 / 5