শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পৰ্যটকক আকৰ্ষণৰ লক্ষ্যঃ আটকধুনীয়াকৈ সজাই তোলা হৈছে নীলগিৰি মাউণ্টেন ৰে’ল

যাত্ৰী তথা পৰ্যটকক মন্ত্ৰমুগ্ধ কৰি তোলাৰ লক্ষ্যৰে ভাৰতীয় ৰে’লৱেই গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। পৰ্যটকক আকৰ্ষণৰ লক্ষ্যৰে আটকধুনীয়াকৈ সজাই তোলা হৈছে নীলগিৰি মাউণ্টেন ৰে’লৰ ডবাসমূহ। ৰঙীন এল ই ডি লাইটেৰে ডবাসমূহ সুসজ্জিত কৰি তোলাৰ লগতে যাত্ৰীসকলৰ আৰাম যাতে বৃদ্ধি পায় তাৰ প্ৰতি লক্ষ্য ৰাখি ছাচপেনচন আৰু ব্ৰেকিং চিষ্টেমো উন্নত কৰা হৈছে।

monjit-dutta
Monjit Dutta | Published: 25 Jun 2024 21:48 PM
পৰ্যটক তথা যাত্ৰীসকলক এক স্মৰণীয় অভিজ্ঞতা প্ৰদানৰ প্ৰয়াসেৰে ভাৰতীয় ৰে’লৱেই নীলগিৰি মাউণ্টেন ৰে’লৱেৰ ডবাসমূহ ন-ৰূপত সজাই তুলিছে।

1 / 6
এল ই ডি লাইটেৰে আলোকিত কৰি তোলা হৈছে ডবাসমূহ। তদুপৰি চাৰ্জিং ষ্টেচন আৰু ৰাজহুৱা ঘোষণা ব্যৱস্থাও স্থাপন কৰা হৈছে ৰে’লখনত।

2 / 6
উল্লেখ্য যে ব্ৰিটিছে নিৰ্মাণ কৰা আৰু দক্ষিণ ৰে’লৱেৰ দ্বাৰা পৰিচালিত হোৱা এই নীলগিৰি মাউণ্টেন ৰে’লৱে হৈছে তামিলনাডুৰ মিটাৰ গ’জ ৰে’লৱে।

3 / 6
৪৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰে’লপথটোত মুঠ ১৩টা ষ্টেচন আছে।

4 / 6
এই ৰে’লৱেৰ দ্বাৰা কুনুৰ, ৱেলিংটন, আৰুভাংকাড়ু, লাভডেল, ফাৰ্ণ হিল, কেটেৰী ৰোড, ৰুনেমেড, হিলগ্ৰ’ভ, এডাৰলি, কল্লৰ, মেট্টুপালয়াম, উধাগামণ্ডলামকে ধৰি কেইবাটাও ষ্টেচন সামৰি লোৱা হৈছে।

5 / 6
২০০৫ চনৰ জুলাই মাহত ইউনেস্ক’ই দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সম্প্ৰসাৰণ হিচাপে নীলগিৰি পৰ্বত ৰে’লৱে সংযোজন কৰে।

6 / 6