শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বৰডুমচাৰ খেলপথাৰৰ সেনাৰ হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ, কথমপি প্ৰাণ ৰক্ষা…

দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ভাৰতীয় সেনাৰ হেলিকপ্টাৰ। তিনিচুকীয়াৰ বৰডুমচাৰ কঠালগুৰি গাঁৱৰ ডিব্ৰুপৰীয়া খেলপথাৰত সেনাৰ হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ। হেলিকপ্টাৰ চাবলৈ ভিৰ কৰে অঞ্চলটোৰ ৰাইজে।

trishna-kalita
Trishna Kalita | Updated On: 19 Aug 2025 15:07 PM
তিনিচুকীয়াত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এখন হেলিকপ্টাৰ। বৰডুমচাৰ খেলপথাৰৰ মাজতে হঠাৎ অৱতৰণ কৰা হয় এখন হেলিকপ্টাৰখন।

1 / 5
তাৰ পিছতে অঞ্চলজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। হেলিকপ্টাৰ চাবলৈ ভিৰ কৰে অঞ্চলটোৰ ৰাইজে।

2 / 5
তিনিচুকীয়াৰ বৰডুমচাৰ কঠালগুৰিৰ ডিব্ৰুপৰীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত অৱতৰণ কৰোৱা হয় ভাৰতীয় সেনাৰ হেলিকপ্টাৰখন। হেলিকপ্টাৰখনত আছি মুঠ ৪ জন যাত্ৰী।

3 / 5
ইয়াৰে দুগৰাকী হেলিকপ্টাৰৰ পাইলট আৰু দুগৰাকী ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়া বুলি জানিব পৰা গৈছে। পাইলটৰ তৎপৰতাৰ পৰা দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল হেলিকপ্টাৰখন।

4 / 5
জানিব পৰা মতে ভাৰতীয় সেনাৰ ডিনজানস্থিত কেম্পৰ পৰা অৰুণাচল প্ৰদেশৰ অননিলৈ যাত্ৰা কৰিছিল হেলিকপ্টাৰখনে। হঠাৎ হেলিকপ্টাৰৰ যান্ত্ৰিক বিজুতি হোৱাৰ বাবে কঠালগুৰি  অৱতৰণ কৰোৱা হয় বুলি জানিব পৰা গৈছে।

5 / 5