শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইংলেণ্ডক লাগে ৩৫ ৰান, ভাৰতক প্ৰয়োজন মাত্ৰ ৪টা বল! অভেলত আজি সম্ভৱ হ’বনে ভাৰতৰ জয়?

ভাৰতে বান্ধি দিয়া ৩৭৪ ৰানৰ লক্ষ্য অনুসৰণ কৰি ইংলেণ্ডে চতুৰ্থ দিনাৰ সামৰণিলৈ ৬ উইকেট হেৰুৱাই ৩৩৯ ৰান সংগ্ৰহ কৰিছে। অৰ্থাৎ আজি অন্তিম দিনটোত দলটোক জয়ৰ বাবে প্ৰয়োজন মাত্ৰ ৩৫ ৰানৰ। আনহাতে ইংলেণ্ডৰ জয়ত বাধা দিবলৈ ভাৰতীয় দলক প্ৰয়োজন ৪টা উইকেটৰ।

monjit-dutta
Monjit Dutta | Updated On: 04 Aug 2025 15:34 PM
আজি অন্ত পৰিব ভাৰত আৰু ইংলেণ্ডৰ মাজত ৫খনীয়া মেচৰ টেষ্ট শৃংখলা। অভেলত চলি থকা শৃংখলাৰ পঞ্চমখন মেচৰ আজি অন্তিম দিন। আজি এই শেষ দিনটোত ভাৰতীয় দলে ঘৰুৱা দলটোৰ জয়ৰ পথ ৰুদ্ধ কৰি শৃংখলাত সমতা স্থাপন কৰিব পাৰিবনে, সেয়া হ’ব লক্ষণীয়।

1 / 5
অৱশ্যে এইক্ষেত্ৰত ভাৰতীয় দলৰ সম্ভাৱনা অত্যন্ত কঠিন। ভাৰতে বান্ধি দিয়া ৩৭৪ ৰানৰ লক্ষ্য অনুসৰণ কৰি ইংলেণ্ডে চতুৰ্থ দিনাৰ সামৰণিলৈ ৬ উইকেট হেৰুৱাই ৩৩৯ ৰান সংগ্ৰহ কৰিছে। অৰ্থাৎ আজি অন্তিম দিনটোত দলটোক জয়ৰ বাবে প্ৰয়োজন মাত্ৰ ৩৫ ৰানৰ।

2 / 5
আনহাতে ইংলেণ্ডৰ জয়ত বাধা দিবলৈ ভাৰতীয় দলক প্ৰয়োজন ৪টা উইকেটৰ। এইক্ষেত্ৰত আজি ভাৰতীয় পেচ আক্ৰমণৰ প্ৰদৰ্শন লক্ষণীয় হ’ব। বিশেষকৈ এইপৰ্যন্ত শৃংখলাত সৰ্বাধিক উইকেট দখল কৰা পেচাৰ মহম্মদ চিৰাজৰ কান্ধত আজি থাকিব অতিৰিক্ত দায়িত্ব।

3 / 5
আজি যদি ভাৰতীয় বলিং আক্ৰমনে ইংলেণ্ডৰ ইনিংছৰ অন্তিম চাৰিটা উইকেট দখিল কৰিবলৈ সক্ষম হয়, তেতিয়া শৃংখলাত সমতা স্থাপন কৰিব পাৰিব। এইপৰ্যন্ত শৃংখলাত ঘৰুৱা দল ইংলেণ্ড ২-১ ব্যৱধানত আগবাঢ়ি আছে। অৰ্থাৎ আজি ভাৰত জয়ী হ’লে শৃংখলা ২-২ ব্যৱধানত অন্ত পৰিব।

4 / 5
আনহাতে ইংলেণ্ডৰ বাবে আজি আটাইতকৈ প্ৰধান শক্তি হ’ব উইকেটকীপাৰ বেটাৰ জেমী স্মিথ। চলিত শৃংখলাটোত  তেওঁ ধাৰাবাহিকতা প্ৰদৰ্শন কৰি আহিছে। গতিকে আজিত ভাৰতীয় দলৰ বাবে আৰম্ভণিতেই স্মিথৰ উইকেট দখল প্ৰধান লক্ষ্য হ’ব।

5 / 5