শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কাইলৈ গুৱাহাটীত বিশ্বকাপৰ মেচঃ জুবিন অনুৰাগীলৈ বিনামূলীয়া টিকট…

ICC Women World Cup: কাইলৈৰ পৰা আৰম্ভ হ'ব আই চি চি মহিলা বিশ্বকাপৰ। এই বিশ্বকাপৰ প্ৰথম মেচ গুৱাহাটীত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ অনুৰাগীৰ বাবে মুকলি কৰা হৈছে বিনামূলীয়া ৫,০০০ টিকট।

barasha-sarma
Barasha Sarma | Published: 29 Sep 2025 16:16 PM
ক্ৰিকেটপ্ৰেমীৰ বাবে ভাল খবৰ। কাইলৈ,৩০ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'ব আইচিচি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫। এই প্ৰতিযোগিতাৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত। য'ত ভাৰতৰ সন্মুখত থাকিব শ্ৰীলংকা। গুৱাহাটীত অনুষ্ঠিত হ’ব বিশ্বকাপৰ ৫খন মেচ।

1 / 5
গুৱাহাটীত প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ মেচ অনুষ্ঠিত হ'বলৈ গৈ আছে। ইয়াৰ মাজতে আজি বিনামূলীয়া টিকট বিতৰণ আৰম্ভ হৈছে। ৫ হাজাৰ টিকট বিক্ৰী কৰা হ'ব জুবিন গাৰ্গৰ অনুৰাগীৰ মাজত। BCCI সচিব দেৱজিৎ লন শইকীয়াই এই কথা জনাইছে।

2 / 5
উল্লেখ্য যে, মেচৰ পূৰ্বে সকলোৰে হেঁপাহৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব। প্ৰথম অৱস্থাত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল যদিও জুবিন গাৰ্গৰ মৃত্যুৰ পাছত সকলো অনুষ্ঠান বাতিল কৰা হয়। ইয়াৰ বিপৰীতে মেচৰ পূৰ্বে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব।

3 / 5
এই অনুষ্ঠানত উপস্থিত থাকিব গায়িকা শ্ৰেয়া ঘোষাল। মেচৰ প্ৰথম ইনিংছৰ বিৰতিৰ পাছতে শ্ৰেয়া ঘোষালে অনুষ্ঠান পৰিৱেশন কৰিব। শ্ৰেয়া ঘোষালেও জুবিনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। এই অনুষ্ঠানত আইচিচিৰ অধ্যক্ষ জয় শ্বাহ উপস্থিত থাকিব।

4 / 5
উদ্বোধনী অনুষ্ঠানত ষ্টেডিয়ামৰ চাৰিওফালে LED স্ক্ৰীণ লগোৱা হ’ব। যত জুবিন ৰেকৰ্ডেড শ্ব’সমূহ প্ৰদৰ্শন কৰা হ’ব। লগতে দৰ্শকেও জুবিনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব। এই অনুষ্ঠানত অধিক জাকজমকতা নাথাকে বুলি স্পষ্ট কৰি দিছে ক্ৰিকেট বোৰ্ডে। উল্লেখ্য যে, বিশ্বকাপৰ মেচৰ উদ্বোধনী অনুষ্ঠানত জুবিন গাৰ্গেও অনুষ্ঠান পৰিবেশন কৰাৰ কথা আছিল। কিন্তু এতিয়া তেওঁৰ নামত হ'ব শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

5 / 5