শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পোষ্ট মেলন আহিল, এইবাৰ গুৱাহাটীলৈ ছাকিৰাক মাতি ‘ৱাকা ৱাকা’ পৰিৱেশনৰ মন মুখ্যমন্ত্ৰীৰ

গুৱাহাটীলৈ আহি আছে ছাকিৰা! এই সন্দৰ্ভত বিশেষ মত প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি গুৱাহাটীত সংগীতানুষ্ঠান আছে বিখ্যাত সংগীতজ্ঞ পোষ্ট মেলনৰ। তাৰ প্ৰাকক্ষণত এনে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কি ক’লে তেওঁ, জানো আহক।

monjit-dutta
Monjit Dutta | Updated On: 08 Dec 2025 17:57 PM
আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন প্ৰখ্যাত সংগীতজ্ঞ পোষ্ট মেলনৰ গীতৰ লহৰত আজি কঁপি উঠিব মহানগৰী। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ তদন্তৰ সময়ত এই সংগীতানুষ্ঠানক লৈ একাংশ লোকে বিৰোধিতা কৰা দেখা গৈছে। এনে বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

1 / 5
পোষ্ট মেলনৰ আজিৰ সংগীতানুষ্ঠান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী, পোষ্ট মেলনক চিনি নোপোৱাৰ বাবেই একাংশ লোকে এই অনুষ্ঠানৰ বিৰোধিতা কৰি আছে। অসমত ইতিবাচক কাম কৰিলে একাংশ লোকে বাধা দিবই বুলিও কটাক্ষপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

2 / 5
মুখ্যমন্ত্ৰীগৰাকীৰ দাবী, এই লোকসকলৰ সৈতে তেওঁ ২৫ বছৰে যুঁজ দি আহিছে। “এই মানুহখিনিয়ে মেডিকেল কলেজ, ফ্লাই অভাৰ একো হ’বলৈ নিদিয়ে। পোষ্ট মেলনক মই চাবলৈ নায়াও। পোষ্ট মেলনক চোৱাৰ বয়স এতিয়া মোৰ নাই।”- তেওঁ লগতে এইদৰে কয়। যিমানেই সমালোচনা কৰিব, সিমানেই কাম কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উৎসাহেৰে কয়।

3 / 5
ইফালে গুৱাহাটীক কনচাৰ্টৰ হাব হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাৰ কথাও তেওঁ ব্যক্ত কৰে। আন্তঃৰাষ্ট্ৰীয় শিল্পীসকল আহি থাকিলেহে অসম-গুৱাহাটীৰ নাম হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অহা বৰ্ষত  গুৱাহাটী, শিলচৰ আৰু ডিব্ৰুগড়ত মুঠ তিনিখন মিউজিক কনচাৰ্ট হ’ব বুলিও তেওঁ ঘোষণা কৰে।

4 / 5
পোষ্ট মেলনৰ অনুষ্ঠানক লৈ হোৱা বিতৰ্কৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে ভূপেনদাই নিজেই  বল্গাৰ পৰা ভল্গালৈ বুলি গাই থৈ গৈছে আৰু পাপনেও আমেৰিকাত গান গাবলৈ যায় বুলি মন্তব্য কৰে। তদুপৰি পোষ্ট মেলনৰ পিছত এতিয়া বিখ্যাত পপ ষ্টাৰ ছাকিৰাক গুৱাহাটীলৈ অনাৰ মন আছে বুলিও তেওঁ দোহাৰে। গুৱাহাটীত ছাকিৰাক ‘ৱাকা ৱাকা’ গীত গোৱাবলৈ মন থকা বুলি তেওঁ কয়।

5 / 5