শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা! প্ৰতিটো ৰন্ধন গেছ চিলিণ্ডাৰত লাভ কৰিব ২৫০ টকাৰ অতিৰিক্ত ৰেহাই…

ৰাজ্যৰ লাখ লাখ মহিলাই প্ৰতিমাহে লাভ কৰে অৰুণোদয় আঁচনিৰ ধন। ইয়াৰ মাজতে চৰকাৰে গ্ৰহণ কৰিছে আন এক ডাঙৰ সিদ্ধান্ত। সেই অনুসৰি এতিয়াৰ পৰা গেছ চিলিণ্ডাৰৰ ক্ষেত্ৰত লাভ কৰিব সকাহ।

barasha-sarma
Barasha Sarma | Updated On: 27 Nov 2025 12:31 PM
চৰকাৰে বিভিন্ন সময়ত মহিলাসকলক  আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। ইয়াৰ ভিতৰত অৰুণোদয় আঁচনি অন্যতম। এই আঁচনিৰ অধীনত প্ৰতিমাহে মহিলাসকলে ১২৫০ টকাকৈ লাভ কৰে। পোনপটীয়াকৈ মহিলাসকলৰ একাউন্টত এই ধন সোমায়।

1 / 5
ইয়াৰ মাজতে চৰকাৰে এইবাৰ আন এক আৰ্থিক সকাহ দিয়াৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি, প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰতে ২৫০ টকাৰ অতিৰিক্ত ৰেহাই লাভ কৰিব। ইয়াৰ অধীনত ৰাজ্যৰ ২০ লাখ অৰুণোদয় পৰিয়ালে ডাঙৰ সকাহ লাভ কৰিব।

2 / 5
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখে যে-আমাৰ সমাজৰ কোনো এখন ঘৰতেই অন্নমুঠি গ্ৰহণৰ ক্ষেত্ৰত সামান্যও অসুবিধা নোহোৱাটো সুনিশ্চিত কৰিবলৈ চাউলৰ পাছতে ইতিমধ্যে দাইল-চেনি-নিমখ বিতৰণৰ আমি ব্যৱস্থা কৰিছোঁ। আৰু এইবাৰ ৰাজ্যৰ ২০ লাখ অৰুণোদয় পৰিয়াললৈ বৃহৎ সকাহ দি আমি প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰতে ২৫০ টকাৰ অতিৰিক্ত ৰেহাই দিবলৈ আগবাঢ়িছোঁ। ৰাজ্য চৰকাৰৰ এই বিশেষ পদক্ষেপক সকলোৱে সাদৰেৰে গ্ৰহণ কৰিব বুলি মোৰ আশা।

3 / 5
উল্লেখ্য যে, ইতিমধ্যে চৰকাৰে সুলভ মূল্য দাইল, চেনি আৰু নিমখ দিয়াৰ ব্যৱস্থা কৰিছে। ইয়াৰ অধীনত ৰাজ্যৰ লাখ লাখ পৰিয়াল লাভান্বিত হৈছে। এইবাৰ চৰকাৰে ৰন্ধন গেছৰ চিলিণ্ডাৰত সকাহ প্ৰদান কৰিব।

4 / 5
প্ৰতিমাহৰ ১০ তাৰিখে অৰুণোদয় আঁচনিৰ ধন সোমায়। ইয়াৰোপৰি চৰকাৰে প্ৰতিশ্ৰুতি দিছে যে বিজেপি চৰকাৰ আহিলে তেল সুলভ মূল্যত দিয়াৰ ব্যৱস্থা কৰিব। ইমানেই নহয়, ১০০ টকাত লাভ কৰিব দাইল-চেনি আৰু নিমখ। মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ বাবে চৰকাৰে এই পদক্ষেপ লোৱা বুলি কয়।

5 / 5