শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Love Story Movies: ৪০০ কোটি টকাৰ ‘saiyaara’, আনফালে এই ৫ টা প্ৰেম কাহিনী বক্স অফিচত হিট!

আজিকালি আহন পাণ্ডে আৰু অনিত পদ্দাৰ ছবি ‘saiyaara’ৰ সকলোতে চৰ্চা। ইয়াৰ উপাৰ্জন হৈছে ৪০০ কোটিতকৈও অধিক। এই ছবিখনৰ পূৰ্বে বহু প্ৰেম কাহিনীৰ ছবিয়ে বক্স অফিচত আচৰিত উপাৰ্জন কৰিছে।

barasha-misra
Barasha Misra | Published: 30 Jul 2025 22:47 PM
বক্স অফিচত ইতিহাসৰ সৃষ্টি কৰিছে মোহিত সূৰীৰ পৰিচালনাৰ ছবি ‘saiyaara’। সৈকনিল্কৰ মতে এই ছবিখনে ১২ দিনত সমগ্ৰ বিশ্বতে ৪০৯ কোটি টকা সংগ্ৰহ কৰিছে।

1 / 7
ভাৰতীয় চিনেমাৰ ইতিহাসৰ সৰ্বাধিক উপাৰ্জনকাৰী প্ৰেম কাহিনীৰ ছবি হিচাপে পৰিগণিত হৈছে আহান পাণ্ডে আৰু অনিত পদ্দাৰ ‘saiyaara’। ইয়াৰ পূৰ্বেও বহু প্ৰেম কাহিনীৰ ছবিয়ে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছিল।

2 / 7
১৯৮৯ চনত চলমান খানৰ ছবি ‘মেইনে প্যাৰ কিয়া’ই বিশ্বজুৰি ২৭.৫০ কোটি টকা উপাৰ্জন কৰিছিল। ৩৬ বছৰ আগতে ২৭ কোটি টকা সংগ্ৰহ কৰা ছবিখনে সকলোৰে মন জয় কৰিছিল।

3 / 7
৩০ বছৰ পূৰ্বে ১৯৯৫ চনত শ্বাহৰুখ খান আৰু কাজোলৰ ছবি 'দিলৱালে দুলহনিয়া লে জয়েংগে' মুক্তি পাইছিল। ৪ কোটি টকাত নিৰ্মিত এই ছবিখনে বিশ্বজুৰি ১০২.৫০ কোটি টকাৰ ব্যৱসায় কৰিছিল।

4 / 7
আমিৰ খান আৰু কৰিশ্মা কাপুৰৰ ‘ৰাজা হিন্দুস্তানী’ ছবিয়েও ২৯ বছৰ পূৰ্বে বিশ্বজুৰি ৭৬.৩৮ কোটি টকা উপাৰ্জন কৰিছিল। ছবিখনৰ বাজেট আছিল মাত্ৰ ৬ কোটি টকা। এই ছবিখন ১৯৯৬ চনত মুক্তি লাভ কৰিছিল।

5 / 7
২৭ বছৰ আগতে অৰ্থাৎ ১৯৯৮ চনত শ্বাহৰুখ খানৰ ছবি ‘কুচ কুচ হোতা হ্যেয়’ দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছিল। ছবিখনৰ বাজেট আছিল ১৪ কোটি টকা। ইয়াৰ বিশ্বব্যাপী সংগ্ৰহ আছিল ৯১.০৯ কোটি টকা।

6 / 7
এই তালিকাৰ এটা নাম হ’ল হৃতিক ৰোশন আৰু অমীছা পেটেলৰ ছবি ‘কহো না প্যাৰ’। এই ছবিখন মুক্তি লাভ কৰিছিল ২০০০ চনত।অৰ্থাৎ ২৫ বছৰ আগতে। আৰু সেই সময়ত এই ছবিখনে বিশ্বজুৰি ৭৮.৯৩ কোটি টকা উপাৰ্জন কৰিছিল। ইয়াৰ বাজেট আছিল ১০ কোটি টকা।

7 / 7