শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতত আমক কিয় কোৱা হয় ফলৰ ৰজা বুলি? আঁৰত আছে ৫টা এনে মুখ্য কাৰণ…

কল, কমলা, আপেল আদি ফলৰ উপকাৰী গুণাগুণৰ কথা আমি প্ৰায় জানো। দেশত এই ফলসমূহ প্ৰচুৰ পৰিমাণে উৎপাদনো হয়। পিছে ইয়াৰ পিছতো আমক ফলৰ ৰজা বুলি কোৱা হয়। ইয়াৰ আঁৰত কি কাৰণ থাকিব পাৰে? চাওঁ আহক এই বিষয়ে।

monjit-dutta
Monjit Dutta | Updated On: 08 Jun 2025 20:59 PM
ভাৰতত ব্যাপক হাৰত আমৰ খেতি কৰা হয়। সমগ্ৰ বিশ্বতে ভাৰতীয় আমৰ চাহিদা আছে। ভাৰতীয় আমৰ সৰ্বাধিক ক্ৰেতা হৈছে সংযুক্ত আৰব আমিৰশ্বাহী। ২০২৩-২০২৪ বিত্তীয় বৰ্ষত ইউ এ ইয়ে ভাৰতৰ পৰা ১৫,৩৩৬ টা মেট্ৰিক আম ক্ৰয় কৰিছিল। আমক ফলৰ ৰজা বুলি কোৱাৰ আঁৰত এনে কাৰণসমূহ থাকিব পাৰে।

1 / 6
প্ৰথম কাৰণঃ ক্লিভলেণ্ড ক্লিনিক অৱ আমেৰিকাৰ প্ৰতিবেদনত কোৱা হৈছে, আম কেৱল সোৱাদৰ বাবেই জনাজাত নহয়। ইয়াৰ উপৰিও ইয়াত বহু ধৰণৰ ভিটামিন আৰু ধাতুৰ যৌগ থাকে যিবোৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য। ইয়াত ভিটামিন এ, বি, চি, ই, কে, মেগনেছিয়াম, পটাছিয়াম আদি উপাদান থাকে।

2 / 6
দ্বিতীয় কাৰণঃ প্ৰতিবেদনত কোৱা হৈছে, আন ফলতকৈ আমত এণ্টিঅক্সিডেণ্টৰ পৰিমাণ অধিক। আমত আন ফলতকৈ অধিক ভিটামিন, মিনাৰেল আৰু ফাইবাৰ থাকে। এই ফলবিধৰ উপকাৰিতা গুণৰ বাবে ইয়াক ফলৰ ৰজা বুলি কোৱা হয়।

3 / 6
তৃতীয় কাৰণঃ ৱৰ্ল্ড পপুলেচন ৰিভিউৰ প্ৰতিবেদন অনুসৰি বিশ্বৰ ভিতৰতে আম উৎপাদনৰ ক্ষেত্ৰত ভাৰত আগশাৰীৰ। ২৬.৩ মেট্ৰিক টন আম উৎপাদনত প্ৰথম স্থানত আছে ভাৰত। ৪.১ মেট্ৰিক টন বাৰ্ষিক উৎপাদনেৰে ইণ্ডোনেছিয়া দ্বিতীয় স্থানত আৰু ৩.৮ মেট্ৰিক টন উৎপাদনেৰে চীন তৃতীয় স্থানত আছে। ভাৰতীয় আম সমগ্ৰ বিশ্বতে বিখ্যাত।

4 / 6
চতুৰ্থ কাৰণঃ ইয়াত থকা ভিটামিন আৰু খনিজ পদাৰ্থই বহু ধৰণৰ সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। ইয়াত ফাইবাৰৰ পৰিমাণ বেছি হোৱাৰ বাবে কোষ্ঠকাঠিন্য আৰু আন বহু পেটৰ সমস্যাৰ পৰা সকাহ দিয়ে। ই ভোক নিয়ন্ত্ৰণ কৰে। ছাল আৰু চুলিৰ বাবেও আম উপকাৰী বুলি কোৱা হয়। আমত উপলব্ধ দ্ৰৱণীয় ফাইবাৰে কলেষ্টেৰল হ্ৰাস কৰে। হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ গৱেষণা প্ৰতিবেদনত কোৱা হৈছে যে আমে আলচাৰ কমোৱাতো সহায় কৰে।

5 / 6
পঞ্চম কাৰণঃ ভাৰতীয় আমৰ ৰপ্তানিয়ে দেশৰ অৰ্থনীতিৰ প্ৰত্যক্ষ উপকাৰ সাধন কৰি আহিছে। ফাইনেন্সিয়েল এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি ২০২৪ চনত আমৰ ৰপ্তানি মূল্য ৬০.১৪ মিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। ২০২১ বিত্তীয় বৰ্ষৰ তুলনাত ইয়াৰ ৰপ্তানি মূল্য ৬৬ শতাংশ বৃদ্ধি হৈছে।

6 / 6