শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কৃত্ৰিম বানত জুৰুলা মহানগৰবাসী, বাহনৰ ওপৰত বাগৰিল প্ৰকাণ্ড গছ , ব্যাহত বিদ্যুৎ সেৱা

Guwahati artificial flood: পুনৰ কৃত্ৰিম বানৰ কবলত মহানগৰবাসী। নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানত একাকাৰ হৈ পৰিছে মূল ৰাজপথৰ লগতে পদপথ। কৃত্ৰিম বানৰ মাজতে নৱগ্ৰহ শ্মশানত লাগি থকা প্ৰকাণ্ড গছ উভালি পৰে।

trishna-kalita
Trishna Kalita | Updated On: 13 Aug 2025 12:25 PM
কৃত্ৰিম বানে লগ নেৰা হৈছে গুৱাহাটী মহানগৰবাসীক। এজাক বৰষুণ দিলেই আলৈ-আঁথানি হয় মহানগৰবাসীৰ।

1 / 5
নিশা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে মহানগৰীৰৰ বিভিন্ন প্ৰান্ত। আজি হঠাতে পুৱা পৰিৱেশ সলনি হৈ পৰে গুৱাহাটী মহানগৰীৰ।

2 / 5
গুৱাহাটীৰ চানমাৰি, মালিগাঁও অনিল নগৰ, নবীন নগৰ, কাহিলীপাৰা, ৰুক্মিণীগাঁও, হাতীগাঁওকে ধৰি ভিন্নস্থানত এই পৰ্যন্ত পানীৰে উপচি পৰিছে।   কৃত্ৰিম বানৰ বাবে দুৰ্দশা ভুগিবলগীয়া হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু কৰ্মস্থলীলৈ ওলাই যোৱা লোকসকলে।

3 / 5
ইফালে কৃত্ৰিম বানৰ মাজতে নৱগ্ৰহ শ্মশানত লাগি থকা প্ৰকাণ্ড গছ উভালি পৰে। এখন চাৰিচকীয়া বাহনৰ ওপৰত বাগৰি পৰে গছডাল।

4 / 5
ইয়াৰ ফলত পথৰ দাঁতিত ৰখাই থোৱা বাহনখনৰ যথেষ্ট ক্ষতিসাধন হয়। কেৱল ইমানে নহয় অঞ্চলটো নিশাৰে পৰা বিচ্ছিন্ন হৈ আছে বিদ্যুৎ সেৱা। উভালি পৰিছে কেইবাটাও বিদ্যুতৰ খুটা।

5 / 5