আজিৰ দিনটোত দেশৰ বজাৰত সোণ-ৰূপত মূল্যত কোনো বিশেষ পৰিৱৰ্তন হোৱা দেখা নাই। আজি ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ৯,৯৯৩ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ৯,১৬০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য ৭,৪৯৫ টকা।
গুড ৰিৰ্টানছৰ মতে, আজি দিল্লীৰ বজাৰত ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ১,০০,০৮০ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৯১,৭৫০ টকা আৰু ১৮ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৫,০৭০ টকা।
একেদৰে গুৱাহাটীত আজি ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৯৯,৯৩০ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৯১,৬০০ টকা। ইফালে ১৮ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৪,৯৫০ টকা।
ৰূপৰ মূল্য প্ৰতি গ্ৰামত আজি ১১৬ টকা হোৱাৰ বিপৰীতে প্ৰতি কেজি ৰূপ মূল্য ১,১৬,০০০ টকা হোৱা দেখা গৈছে।
যোৱা ২৩ জুলাইলৈকে সোণৰ মূল্য বৃদ্ধি পোৱা দেখা গৈছিল যদিও ২৪ জুলাইৰ পৰা এই মূল্য হ্ৰাস পাবলৈ ধৰিছে।