শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ফেটি লিভাৰৰ সমস্যাত ভুগিছে নেকি আপুনি? জানক ইয়াৰ প্ৰাৰম্ভিক লক্ষণ

ভাৰতত প্ৰতি বছৰে বৃদ্ধি পাইছে ফেটি লিভাৰত আক্ৰান্ত ৰোগীৰ সংখ্যা। বেছিভাগ ক্ষেত্ৰতে ফেটি লিভাৰৰ প্ৰাৰম্ভিক লক্ষণ ধৰা নপৰে। লিভাৰৰ সমস্যাৰ বিষয়ে জানিবলৈ আমি বিশেষজ্ঞৰ সৈতে কথা পাতিছিলোঁ।

barasha-misra
Barasha Misra | Published: 16 Jun 2025 14:28 PM
ফেটি লিভাৰ হৈছে এনে এক ৰোগ যাৰ প্ৰাৰম্ভিক লক্ষণসমূহ জানিব লাগিব। যদি আপোনাৰ পেটৰ সোঁফালৰ ওপৰৰ অংশত বিষ হয় আৰু ই স্থায়ী হৈ থাকে, তেন্তে ই ফেটি লিভাৰৰ লক্ষণ হ’ব পাৰে। এই কথাটো আওকাণ কৰা উচিত নহয়

1 / 5
ফেটি লিভাৰৰ প্ৰাৰম্ভিক লক্ষণৰ কথা ক’বলৈ গ’লে প্ৰথমে পেটৰ ওপৰৰ সোঁ অংশত বিষ অনুভৱ হ'ব পাৰে। যিটো আৰম্ভণিতে কম থাকে। লিভাৰত অত্যধিক চৰ্বি জমা হ’লে ফুলি উঠিব পাৰে, যাৰ ফলত পেটৰ ওপৰৰ সোঁ অংশত মৃদু বা মধ্যমীয়া বিষ হয়। এই বিষ অবিৰতভাৱে থাকিব পাৰে বা সময়ে সময়ে বৃদ্ধি পাব পাৰে। কেতিয়াবা বেজীৰ বিন্ধাৰ দৰে বিষো অনুভৱ হ'ব পাৰে।

2 / 5
যদি আপোনাৰ ভোক কমি গৈছে আৰু আগৰ তুলনাত ওজন কম হৈছে, তেন্তে এইটো ফেটি লিভাৰৰ লক্ষণ হ’ব পাৰে। ফেটি লিভাৰে পাচনতন্ত্ৰত প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত ভোক কমি যায়। ইয়াৰ লগতে ওজনো কমি যাব পাৰে, কিন্তু এই লক্ষণ সকলোৰে দেখা নাযায়।

3 / 5
ফেটি লিভাৰৰ লক্ষণ কিছুমান মানুহৰ ক্ষেত্ৰত গুৰুতৰ হ’ব পাৰে। শৰীৰত বিলিৰুবিন বৃদ্ধি পালে ছাল আৰু চকু হালধীয়া হৈ পৰে। এইটো লিভাৰ হেপাটাইটিছৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে, যিটো আওকাণ কৰা উচিত নহয়।

4 / 5
ফেটি লিভাৰে কিছুমান লোকৰ শৰীৰৰ তৰল পদাৰ্থৰ ভাৰসাম্য বিঘ্নিত কৰিব পাৰে। যাৰ ফলত ভৰি দুখন ফুলি উঠিব পাৰে। যদি কোনো ব্যক্তিৰ ভৰি দুখন ফুলা হয় আৰু ই স্থায়ী হৈ থাকে, তেন্তে এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত

5 / 5