শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Guwahati Fire: ফাঁচী বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাঃ মৃত্যু এজনৰ, আহত বহুতো…

Fancy bazar Fire: গুৱাহাটীৰ ফাঁচী বজাৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এই ঘটনাৰ ফলত এজনৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

barasha-sarma
Barasha Sarma | Published: 03 Oct 2025 10:15 AM
গুৱাহাটীৰ ফাঁচী বজাৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এছ এছ ৰোডত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডৰ ফলত এজনৰ মৃত্যু আৰু কেইবাজনৰ অৱস্থাত সংকটজনক বুলি জানিব পৰা গৈছে। শুকুৰবাৰে পুৱতি নিশা এই কাণ্ড সংঘটিত হয়।

1 / 5
জানিব পৰা মতে  চাইবাৰ মাৰ্ট নামৰ প্ৰতিষ্ঠানত এই বিধ্বংসী কাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত শ্বাস-প্ৰশ্বাস বন্ধ হৈ এজনৰ কৰুণ মৃত্যু হয়। মৃত্যু হোৱা লোকজনৰ নাম ছলমান কুৰেশ্বি বুলি জানিব পৰা গৈছে। ইফালে আন ৪ জন সংকটজনক অৱস্থাত হাস্পাতালত ভৰ্তি হৈ আছে।

2 / 5
এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে ঘটনাস্থলীত  ১২খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ অগ্নিনিৰ্বাপনৰ চেষ্টা চলায়। পুৱতি নিশা প্ৰায় ৩.৩০ মান বজাত এই অগ্নিকাণ্ড সংঘটিত হয়। ইয়াৰ ফলত চাৰিওফালে জুইৰ শিখাই আৱৰি ধৰে।

3 / 5
ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী, CRPF মোতায়েন কৰা হৈছে। কিন্তু বৰ্তমানলৈকে পৰিস্থিতি নিয়ন্ত্ৰণ হোৱা নাই। অগ্নিনিৰ্বাপক বাহিনীয়ে চেষ্টা চলাই আছে যদিও এতিয়াও চাৰিওফালে জুইৰ ধোঁৱাই আৱৰি ৰাখিছে। স্থানীয় ৰাইজেও এই ক্ষেত্ৰত সহায় কৰিছে।

4 / 5
সূত্ৰ অনুসৰি জানিব পৰা মতে, শ্বৰ্ট চাৰ্কিটৰ ফলত এই ঘটনা সংঘটিত হৈছে। এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাই অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই অগ্নিকাণ্ডৰ ফলত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।

5 / 5