শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মহানগৰীৰ PVR চিনেমা হলত অঘটন! দৰ্শকৰ মূৰৰ ওপৰত খহি পৰিল চিলিং, তাৰ পিছত…

চিনেমা চলি থকা সময়তেই মহানগৰীৰ PVR চিনেমা হলত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। শিশুসহ ৩ জন লোকৰ মূৰৰ ওপৰত পৰিল চিলিঙৰ ভগ্নাংশ। ঘটনা সংঘটিত হোৱাৰ লগে লগে বন্ধ কৰি দিয়া হয় ছবিৰ প্ৰদৰ্শনী।

trishna-kalita
Trishna Kalita | Published: 04 Aug 2025 08:42 AM
গুৱাহাটীৰ চিটি চেণ্টাৰ মলৰ ভিতৰত থকা PVR চিনেমা হলত সংঘটিত হৈছে অনাকাংশিত ঘটনা। ৩ আগষ্ট দেওবাৰে সন্ধিয়া চিনেমা চলি থকা সময়তেই খহি পৰিল ছবিগৃহৰ চিলিং।

1 / 5
৩ জন লোকৰ  মূৰৰ ওপৰত পৰিল চিলিঙৰ ভগ্নাংশ। তাৰ পিছতে দৰ্শকৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়।

2 / 5
তাৰ ভিতৰত আছিল শিশুও। সেই সময়ত ছবিগৃহটোত চলি আছিল "Mahavatar Narsimha" ছবিখন।

3 / 5
আহত ব্যক্তিসকলক তৎক্ষণাত ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁলোকৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। ঘটনা সংঘটিত হোৱাৰ লগে লগে বন্ধ কৰি দিয়া হয় ছবিৰ প্ৰদৰ্শনী।

4 / 5
তাৰ পিছতে ব্যয়বহুল  ছবিগৃহটোৰ নিৰাপত্তাক লৈ উত্থাপন হৈছে প্ৰশ্ন। টিকটৰ ধনো ঘূৰাই দিয়া দাবী একাংশ দৰ্শকৰ।

5 / 5