শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Earthquake: পুৱতি নিশা প্ৰবল ভূমিকম্পই কঁপালে অসম, প্ৰাবল্য কিমান আছিল?

সোমবাৰে পুৱতি নিশা ০৪:১৭ বজাত অনুভূত হয় জোকাৰণি। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই(National Centre for Seismology) প্ৰকাশ কৰা তথ্য অনুসৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.১।

Trishna Kalita
Trishna Kalita | Edited By: Barasha Misra | Updated On: 07 Jan 2026 15:57 PM
ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে জোকাৰণি অনুভূত হয়। ভাৰতৰ কিছু ঠাইৰ লগতে উত্তৰ-পূব ভাৰত, চুবুৰীয়া দেশ ভূটানতো ভূমিকম্পৰ প্ৰভাৱ পৰে।

1 / 5
৫ জানুৱাৰী, সোমবাৰে পুৱতি নিশা ০৪:১৭ বজাত অনুভূত হয় জোকাৰণি। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই(National Centre for Seismology) প্ৰকাশ কৰা তথ্য অনুসৰি  ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.১।

2 / 5
এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল অসমৰ মৰিগাঁৱত। ৫০ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল ভূমিকম্প।

3 / 5
খবৰ অনুসৰি পুৱতি নিশা অহা ভূমিকম্পৰ ফলত মৰিগাঁৱত দুগৰাকী মহিলা আহত হৈছে। আতংকিত হৈ ঘৰৰ ভিতৰৰ পৰা ওলাই আহোতে মূৰত আঘাতপ্ৰাপ্ত হয় মহিলা দুগৰাকী। তেওঁলোকক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।

4 / 5
উল্লেখ্য যে, ভাৰতৰ অন্যতম ভূমিকম্প প্ৰৱণ অঞ্চল অসম। ইয়াত প্ৰায়ে ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ই ছিছমিক জ’ন V ৰ অধীনত পৰে, অৰ্থাৎ ইয়াত প্ৰচণ্ড কঁপনিৰ আশংকা বেছি।

5 / 5