ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে জোকাৰণি অনুভূত হয়। ভাৰতৰ কিছু ঠাইৰ লগতে চুবুৰীয়া দেশ ভূটানতো ভূমিকম্পৰ প্ৰভাৱ পৰে।
শনিবাৰে সন্ধিয়া ৬.১২ বজাত অনুভূত হয় জোকাৰণি। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ আনুমানিক প্ৰাবল্য আছিল ৪.২।
এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰৰ ঢেকীয়াজুলি। মাটিৰ পৰা ১৩ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল ভূমিকম্প।
ৰাজ্যত হঠাৎ ভূমিকম্পৰ জোকাৰণিয়ে সকলোকে আচৰিত কৰি তুলিছে। হঠাৎ অহা এই ভূমিকম্পৰ ফলত কোনো ক্ষয়-ক্ষতিৰ তথ্য পোৱা নাই।
উল্লেখ্য যে, ভাৰতৰ অন্যতম ভূমিকম্প প্ৰৱণ অঞ্চল অসম। ইয়াত প্ৰায়ে ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ই ছিছমিক জ’ন V ৰ অধীনত পৰে, অৰ্থাৎ ইয়াত প্ৰচণ্ড কঁপনিৰ আশংকা বেছি।