সোমবাৰে নিশা টাইৱানৰ দক্ষিণ প্ৰান্তত হোৱা ভূমিকম্পৰ ফলত কেইবাজনলোক আঘাতপ্ৰাপ্ত হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৬.৪। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (USGS)ৰ তথ্য অনুসৰি স্থানীয় সময় মতে নিশা ১২:১৭ বজাত এই ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়।
1 / 5
এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল টাইৱানৰ য়ুজিঙৰ পৰা ১২ কিলোমিটাৰ উত্তৰত। এই ভূমিকম্পৰ ফলত কোনোলোকৰ মৃত্যুৰ তথ্য এতিয়ালৈকে লাভ কৰা হোৱা নাই যদিও প্ৰায় ১৫জন আঘাতপ্ৰাপ্ত হয়।
2 / 5
টাইৱানৰ অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, আঘাতপ্ৰাপ্ত আটাইকেইজনক হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে। এই ভূমিকম্পৰ ফলত এটা ঘাইপথৰ ঝুৱেই দলং ক্ষতিগ্ৰস্ত হৈছে।
3 / 5
স্থানীয় খবৰ অনুসৰি, টাইনান চহৰৰ নানছি জিলাৰ এটা ঘৰৰ ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হৈছে শিশুসহ ৬ জন লোক। বিভিন্ন ঠাইত নিশাই চলোৱা হয় উদ্ধাৰ অভিযান। উল্লেখ্য যে, যোৱা বছৰ এপ্ৰিল মাহত টাইৱানত ৭.৪ প্ৰাৱল্যৰ ভূমিকম্প আহিছিল, যাৰ ফলত কেইবাজনলোকৰ মৃত্যু হৈছিল।
4 / 5
টাইৱান প্ৰশান্ত মহাসাগৰৰ ৰিং অৱ ফায়াৰত অৱস্থিত।যাৰ বাবে ইয়াত প্ৰায়ে ভূমিকম্প হৈ থাকে। উল্লেখ কৰা প্ৰয়োজন যে, টাইৱান দুখন টেকটনিক প্লেটৰ মাজত অৱস্থিত আৰু ই অতি সংবেদনশীল।