শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

চৰাইদেউৰ ঐতিহাসিক ভূঞা পুখুৰীত প্ৰশাসনৰ উচ্ছেদ, ভাঙি পেলোৱা হ’ল বেদখলকাৰীৰ বাসগৃহ…

অৱশেষত উচ্ছেদ চলিল চৰাইদেউৰ মথুৰাপুৰত ঐতিহাসিক ভূঞা পুখুৰীত। এই অঞ্চল একাংশলোকে বেদখল কৰি ঘৰ সাজিছিল। আজি তাতেই চলোৱা হয় উচ্ছেদ।

barasha-sarma
Barasha Sarma | Published: 20 Aug 2025 17:04 PM
অৱশেষত উচ্ছেদ চলিল চৰাইদেউৰ মথুৰাপুৰস্থিত ঐতিহাসিক ভূঞা পুখুৰীত। এই ঠাই বেদখল কৰি বাসগৃহ নিৰ্মাণ কৰা তিনি পৰিয়ালত চলাই প্ৰশাসনে উচ্ছেদ।

1 / 5
উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি একাংশই  চৰাইদেউৰ মথুৰাপুৰৰ ঐতিহাসিক ভূঞা পুখুৰী বেদখল কৰি ৰাখিছিল। বেদখল কৰি অনু বেগম, বাবুল ইছলাম আৰু মুবিদুল ইছলামে নিৰ্মাণ কৰিছিল বাসগৃহ।

2 / 5
ঐতিহাসিক স্থানত নিৰ্মাণ কৰা বাসগৃহত বুধবাৰে চৰাইদেউ প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰে। জানিব পৰা মতে, বিগত ৯ আগষ্টত ঐতিহাসিক ভূঞা পুখুৰী বেদখল কৰি ৰখা স্থানত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল।

3 / 5
সেই স্থানত বাসগৃহ নিৰ্মাণ কৰা তিনি পৰিয়ালৰ অন্যতম সদস্যা নাৰ্জিমা বেগমে চৰাইদেউৰ জ্যেষ্ঠ সাংবাদিক আলিম আহমেদক ৰাজপথতে প্ৰহাৰ কৰিছিল। এই কাণ্ডই সৰ্বত্ৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

4 / 5
ইয়াৰ পাছতে বিষয়টো সন্দৰ্ভত ন্যায় বিচাৰি তথা অবৈধ বেদখলকাৰীক উচ্ছেদৰ দাবী জনাই ১১ আগষ্টত স্থানীয় দল সংগঠনে ঐতিহাসিক ধোদৰ আলি অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। তাৰ পাছতে আজি চলে এই উচ্ছেদ অভিযান।

5 / 5