বৰষুণেহে ৰক্ষা কৰিব নেকি ভাৰতৰ সন্মান! গাব্বাত পুনৰ বিপৰ্যস্ত ভাৰতীয় বেটিং লাইন আপ
ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত চলি থকা গাব্বা টেষ্টৰ আজি তৃতীয় দিন। পিছে বৰষুণৰ বাবে আজি দিনটোৰ খেলত ব্যাপক ব্যাঘাত জন্মে। নেৰানেপেৰা বৰষুণৰ ফলত আজি ৩৫ অভাৰতকৈয়ো কম বলৰ খেলহে সম্ভৱ হয়। বৰ্ষাবিঘ্নিত মেচখনত অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৪৪৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ভাৰতে আজি খেল সামৰণিলৈ ৪ উইকেটত ৫১ ৰান সংগ্ৰহ কৰিছে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5