শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Bishnu rabha: পৰজনমৰ শুভ লগনত…শোকবিহ্বল হৈ কিয় ৰাভাই এই গীতটি ৰচনা কৰিছিল? আঁৰত আছে বিশেষ কাৰণ…

আজি ২০ জুন, সমগ্ৰ ৰাজ্যবাসীয়ে পালন কৰিব বিষ্ণু প্ৰসাদ ৰাভা দিৱস। এইগৰাকী মহান ব্যক্তিৰ অসমীয়া সমাজ জীৱনলৈ অৱদান অতুলনীয়।

barasha-sarma
Barasha Sarma | Updated On: 20 Jun 2025 09:09 AM
আজি ২০ জুন। সমগ্ৰ ৰাজ্যবাসীয়ে আজিৰ দিনটোত বিষ্ণু ৰাভা দিৱস পালন কৰে। এই দিনটোতে ১৯৬৯ চনত মৃত্যুক সাৱতি লৈছিল বিষ্ণু প্ৰসাদ ৰাভাই। অসমীয়া সমাজ জীৱনলৈ তেওঁ আগবঢ়াই যোৱা অৱদানৰ বাবে অসমীয়া চিৰঋণী। তেওঁৰ দ্বাৰা ৰচিত গীতসমূহক ৰাভা সংগীত বুলি জনা যায়।

1 / 5
ৰাভা  আছিল একেধাৰে শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ,সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, সংগঠক আৰু মুক্তি যুঁজাৰু। অসমীয়া সমাজ-সংস্কৃতিৰ অন্যতম বাটকটীয়া।  তেওঁ বহু নাটক, গীত, প্ৰবন্ধ আদি ৰচনা কৰি থৈ গৈছে। ৰাভাই  স্বাধীনতাৰ আন্দোলনতো জঁপিয়াই পৰিছিল।

2 / 5
তেওঁৰ অন্যতম তথা জনপ্ৰিয় এটি গীত-পৰজনমৰ শুভ লগনত। এই গীতটোৰ আঁৰত আছে এক কাহিনী।  নিজ পত্নীৰ বাবে ৰাভাই এই গীত ৰচনা কৰিছিল। অৱশ্যে প্ৰিয়তমাই তেওঁৰ সৈতে গীত শুনিবলৈ পোৱা নাছিল। অকালতে মৃত্যু হৈছিল তেওঁৰ। জানিব পৰা মতে, বিষ্ণু প্ৰসাদ ৰাভাই ১৯৩৭ চনৰ ২৪ নবেম্বৰত যোৰহাটৰ সুগায়িকা প্ৰিয়লতা দত্তৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু  মাত্ৰ ২৮ দিন সংসাৰ পতাৰ পিছতে ১৯৩৭ চনৰ ২২ ডিচেম্বৰত প্ৰিয়লতা দত্তৰ মৃত্যু হয়। পত্নী শোকত বিহ্বল হৈ ৰাভাই লিখিছিল পৰজনমৰ শুভ লগনত।

3 / 5
তাৰপিছতেই বিষ্ণু প্ৰসাদ ৰাভা নিৰুপমা দেৱীৰ সান্নিধ্যলৈ আহে।অৱশ্যে তেওঁৰ সতে বিয়াত বহা নাছিল। ১৯৫০ চনত বিষ্ণু ৰাভাই  কনকলতা মেধিক বিবাহ কৰায়। তেওঁৰ দুই পুত্ৰ সন্তান পৃথ্বীৰাজ ৰাভা (থুন্ থুন্) আৰু হেমৰাজ ৰাভা (মুন্ মুন)।১৯৬২ চনৰ ৪ জানুৱাৰীত ৰাভাৰ পত্নী কনকলতাৰ অসম মেডিকেল কলেজত দুৰাৰোগ্য ৰোগত মৃত্যু হয়।

4 / 5
মোহিনীবালা বসুমতাৰীক বিয়া কৰায়। মোহিনীবালা বসুমতাৰীৰ ফালৰ পৰা বিষ্ণু ৰাভা দুটি সন্তানৰ পিতৃ হয়। এই দুটি সন্তানৰ এগৰাকী আছিল কন্যা সন্তান যি জন্ম হৈয়েই মৃত্যুমুখত পৰে। পুত্ৰ সন্তানটিৰ নাম আছিল মেণ্ডেলা ৰাভা। স্বামীৰ মৃত্যুৰ পাছত তেওঁ সমাজৰ লগত জড়িত হৈ পৰিছিল আৰু ৰাভা পৰিয়ালৰ দায়িত্ব লৈছিল।

5 / 5