শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এতিয়া আৰু চিন্তা নাই! ২৫ হাজাৰ টকাতকৈ কম মূল্যতে ফটোগ্ৰাফীৰ বাবে আকৰ্ষণীয় এইকেইটা মোবাইল

কোনো স্থানলৈ ভ্ৰমণৰ সময়তে হওক বা কোনো অনুষ্ঠানতে হওক, কিছুমান বিশেষ মুহূৰ্ত ফটো আকাৰত ধৰি ৰাখিবলৈ সকলোৱেই ইচ্ছা কৰে। এই ফটোখন যাতে স্পষ্ট আৰু সুন্দৰকৈ উঠে তাৰ বাবে ভাল কেমেৰাৰ প্ৰয়োজন হয়। ইয়াৰ বাবে আপোনাক প্ৰয়োজন নাই DSLR বা অত্যন্ত ব্যয়বহুল কোনো কোম্পানীৰ মোবাইল। এতিয়া মাত্ৰ ২৫ হাজাৰ টকাৰ ভিতৰতে আপুনি লাভ কৰিব ফটোগ্ৰাফীৰ বাবে উপযুক্ত আকৰ্ষণীয় সুবিধাযুক্ত এইসমূহ মোবাইল।

monjit-dutta
Monjit Dutta | Published: 07 Oct 2024 22:17 PM
এতিয়া আপুনি কম মূল্যতে লাভ কৰিব ফটোগ্ৰাফীৰ বাবে উন্নত মানৰ কেমেৰাৰ সুবিধা থকা মোবাইল। আনহে নালাগে, মাত্ৰ ২৫ হাজাৰ টকাৰ ভিতৰতে আপুনি এতিয়া ২০০ মেগাপিক্সেল পৰ্যন্ত কেমেৰাৰ সুবিধা থকা মোবাইলো ক্ৰয় কৰিব পাৰিব।

1 / 5
iQOO Z9s Pro: এই স্মাৰ্টফোনত আপুনি ডুৱেল কেমেৰা ছেটআপ পাব। ইয়াৰে প্ৰাইমেৰী কেমেৰা ৫০ মেগাপিক্সেল আৰু ছেকেণ্ডাৰী কেমেৰা ৮ মেগাপিক্সেলৰ হ’ব। আনহাতে ফ্ৰন্ট কেমেৰা হ’ব ১৬ মেগাপিক্সেলৰ। এই স্মাৰ্টফোনটোৰ মূল্য ২৪,৯৯৯ টকাৰ পৰা আৰম্ভ হয়।

2 / 5
Motorola Edge 50 Fusion: এই মোবাইলটোত আছে ৫০ মেগাপিক্সেল প্ৰাইমেৰী কেমেৰা আৰু ১৩ মেগাপিক্সেল ছেকেণ্ডাৰী কেমেৰা। লগতে আছে ৩২ মেগাপিক্সেলৰ ফ্ৰণ্ট কেমেৰাৰ সুবিধা। এই স্মাৰ্টফোনটোৰ আৰম্ভণি মূল্য ২২,৯৯৯ টকা।

3 / 5
OnePlus Nord CE4: এই ফোনটোত ৫০ মেগাপিক্সেল প্ৰাইমেৰী কেমেৰা আৰু ১৬ মেগাপিক্সেল ছেকেণ্ডাৰী কেমেৰাৰ সুবিধা লাভ কৰিব। এই স্মাৰ্টফোনটোৰ আৰম্ভণি মূল্য হ’ব ২৪,৯৯৯ টকা।

4 / 5
Redmi Note 13 Pro: এই মোবাইলটোত গ্ৰাহকে লাভ কৰিব ২০০ মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা। লগতে আছে ছেকেণ্ডাৰী কেমেৰা ৮ মেগাপিক্সেলৰ আৰু ২ মেগাপিক্সেলৰ মেক্ৰ’ কেমেৰা সুবিধা। ১৬ মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰাৰো সুবিধা দিয়া হৈছে। এই ফোনটোৰ মূল্য হ’ব ২৩,৯৯৯ টকা।

5 / 5