শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

গম্ভীৰ, ৰোহিত, আগাৰকাৰৰ সৈতে ৬ ঘণ্টীয়া মাৰাথান বৈঠক বিচিচিআইৰঃ এই ৩টা বিষয়ত উঠিছে প্ৰশ্ন

অহা ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণলৈ সাজু হৈছে ভাৰতীয় ক্ৰিকেট দল। এই গুৰুত্বপূৰ্ণ শৃংখলাৰ পূৰ্বে শুকুৰবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শেহতীয়াকৈ নিউজিলেণ্ডৰ বিপক্ষে টেষ্ট শৃংখলাত ভাৰতৰ লজ্জাজনক পৰাজয় সন্দৰ্ভত আলোচনাৰ বাবে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ, অধিনায়ক ৰোহিত শৰ্মা আৰু মুখ্য নিৰ্বাচক অজিত আগাৰকাৰৰ সৈতে এক বৈঠকত মিলিত হয়।

monjit-dutta
Monjit Dutta | Published: 09 Nov 2024 14:16 PM
শুকুৰবাৰে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মা, মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু মুখ্য নিৰ্বাচক অজিত আগাৰকাৰৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় বিচিচিআইৰ বিষয়ববীয়া। প্ৰায় ছয় ঘণ্টাজোৰা এই বৈঠকত নিউজিলেণ্ডৰ বিপক্ষে পৰাজয়ৰ কাৰণ আলোচনা কৰাৰ লগতে বিচিচিআইয়ে ৩টা গুৰুত্বপূৰ্ণ বিষয়ত উত্তৰ বিচাৰিছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

1 / 5
এক প্ৰতিবেদন অনুসৰি এই বৈঠকত মুম্বাই টেষ্টত দলৰ তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহৰ জিৰণিৰ প্ৰসঙ্গত প্ৰশ্ন তুলিছে বিচিচিআইয়ে। শৃংখলাৰ প্রথম দুখন টেষ্টত ভাৰত পৰাস্ত হোৱাৰ পাছতো বুমৰাহক তৃতীয় টেষ্টৰ বাবে জিৰণি দিয়াত ব’র্ডৰ বিষয়াসকল বিশেষ সুখী নহয় বুলি প্ৰকাশ পাইছে৷ অৱশ্যে অষ্ট্ৰেলিয়া শৃংখলাৰ পৰিপ্ৰেক্ষিতত বুমৰাহক সতৰ্কতামূলক ব্যৱস্থা হিচাপে তৃতীয় টেষ্টত জিৰণি দিয়া হৈছিল বুলি তথ্য প্ৰকাশ পাইছে।

2 / 5
বৈঠকত মুম্বাই টেষ্টৰ পিটচ সন্দৰ্ভতো প্ৰশ্ন তোলা হৈছে। পুনেত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্টত স্পিন সহায়ক পিটচত ভাৰতীয় দলৰ ব্যৰ্থতা স্পষ্টকৈ প্ৰকাশ পাইছিল। এনে পৰিস্থিতিত মুম্বাই প্ৰথম দিনাৰ পৰাই অধিক টাৰ্ণ লোৱা পিটচ কিয় বনোৱা হ’ল, এই সন্দৰ্ভত বিচিচিআইৰ বিষয়াসকলে ৰোহিত আৰু গম্ভীৰক প্ৰশ্ন কৰা বুলি প্ৰতিবেদনত দাবী কৰা হৈছে।

3 / 5
প্ৰতিবেদন অনুসৰি এই বৈঠকত আলোচিত তৃতীয়টো গুৰুত্বপূৰ্ণ বিষয় আছিল প্ৰশিক্ষক হিচাপে গৌতম গম্ভীৰৰ শৈলী। প্ৰতিবেদন মতে গম্ভীৰৰ শৈলীক লৈ ব’ৰ্ডৰ বিষয়াসকলে কোনো প্ৰশ্ন উত্থাপন কৰা নাছিল যদিও তেওঁৰ পদ্ধতিৰ বিষয়ে আলোচনা কৰা হৈছিল। তদুপৰি এই বৈঠকত দল বাছনি সন্দৰ্ভত দল পৰিচালনাৰ একাংশ সদস্য আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ মাজত মতানৈক্য আছে বুলি তথ্য পোহৰলৈ আহিছে।

4 / 5
এই গুৰুত্বপূৰ্ণ দিশসমূহৰ ওপৰত বিচিচিআইয়ে গম্ভীৰ, ৰোহিত আৰু আগাৰকাৰৰ পৰা উত্তৰ বিচৰাৰ লগতে অষ্ট্ৰেলিয়াৰ বিপক্ষে আগন্তুক শৃংখলাত দলক পুনৰ সঠিক পথত আগুৱাই নিয়াৰ বাবে তেওঁলোকে কি পৰিকল্পনা কৰিছে সেই সন্দৰ্ভতো প্ৰশ্ন কৰা হৈছে বুলি দাবী কৰা হৈছে প্ৰতিবেদনত। অৱশ্যে এই বিষয়ত এতিয়ালৈকে আনুষ্ঠানিক কোনো তথ্য পোহৰলৈ অহা নাই।

5 / 5