শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অৱশেত আহিল শান্তিৰ এজাক বৰষুণ, উৎকট গৰমৰ পৰা সকলোৱে পালে পৰিত্ৰাণ!

প্ৰচণ্ড গৰমৰ মাজতেই আহিছে বৰষুণ। বিগত কিছুদিনৰ উৎকট গৰমৰ পিছত ক্ৰমাৎ ৰাজ্যত বতৰে সলাইছে ৰূপ। এজাক বৰষুণৰ অপেক্ষাত আছিল সকলো।

barasha-misra
Barasha Misra | Updated On: 14 Jun 2025 18:08 PM
প্ৰচণ্ড গৰমৰ পাছত আহিল মুষলধাৰ বৰষুণ আৰু বতাহ ৷ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই হাই এলাৰ্ট জাৰি কৰিছিল।

1 / 5
প্ৰচণ্ড গৰমে শেহতীয়া কেইটামান দিনত ৰাজ্যবাসীক বাৰুকৈয়ে অতিষ্ঠ কৰিলে। কিন্তু তাৰ মাজতে আজি দুপৰীয়া হঠাৎ কলীয়া মেঘে ছানি ধৰে গুৱাহাটী। পুনৰ ডাৱৰীয়া হৈ পৰিল মহানগৰীৰ আকাশ। উজনি–নামনি–মধ্য অসমৰ প্ৰান্তে প্ৰান্তে আহিছে বৰষুণ। বিশেষকৈ গুৱাহাটী মহানগৰীত বহুসময়ধৰি দি আছে মুষলধাৰ বৰষুণ, ধেৰেকণি আৰু বতাহ।

2 / 5
শনিবাৰে এজাক বৰষুণৰ পিছত ক্ৰমাৎ স্বস্তিৰ নিশ্বাস পেলাইছে মহানগৰবাসীয়ে। গুৱাহাটীৰ ভিন্নপ্ৰান্তত আৰম্ভ হৈছে বৰষুণ।

3 / 5
ৰাজ্যত ক্ৰমাৎ নিম্নগামী হৈছে তাপমাত্ৰা। ৰাজ্যৰ কেইবাখনো জিলাত আজি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বৰষুণৰ আগজাননী দিয়ে। অসমৰ তিনিখন জিলাত অ’ৰেঞ্জ’ এলাৰ্টো জাৰি কৰা হৈছে। আনহাতে কেইখনমান জিলাত ইয়েল্ল’ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

4 / 5
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি আজি শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটত বিজুলী আৰু বজ্ৰপাতৰ লগতে লঘুৰ পৰা মধ্যমীয়া বৰষুণ হ’ব পাৰে।

5 / 5