5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam police: কিয় স্থগিত কৰা হ’ল অসম আৰক্ষী নিযুক্তিৰ শাৰীৰিক পৰীক্ষা, পুনৰ কেতিয়া হ’ব অনুষ্ঠিত…

Assam police: আজিৰে পৰা আৰম্ভ অসম আৰক্ষীৰ নিযুক্তিৰ বাবে শাৰীৰিক পৰীক্ষা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুৱাৰে পৰা পৰীক্ষা অনুষ্ঠিত হৈছে। বহু পৰীক্ষাৰ্থীয়ে কঠোৰ অনুশীলনৰ অন্তত পৰীক্ষা দিবলৈ আহিছে।

barasha-sarma
Barasha Sarma | Published: 03 Oct 2024 13:47 PM
অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষা স্থগিত। মহানগৰীৰ চতুৰ্থ আৰক্ষী বেটেলিয়নত হোৱাৰ কথা আছিল শাৰীৰিক পৰীক্ষা। কিন্তু এই পৰীক্ষা আজিৰ বাবে স্থগিত কৰা হয়। লগতে পৰৱৰ্তী পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব সেই বিষয়েও জনায়।

1 / 5
আজি পুৱাৰে পৰা পৰীক্ষাৰ্থীসকল ব্যস্ত হৈ পৰিছিল শাৰীৰিক পৰীক্ষাৰ বাবে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ আছে শাৰীৰিক পৰীক্ষা। কিন্তু গুৱাহাটীৰ নিযুক্তি পৰীক্ষা স্থগিত ৰখা হয়।

2 / 5
উল্লেখ্য যে, আজি পুৱাৰে পৰা গুৱাহাটীত বৰষুণ দি আছে। যাৰ বাবে এই সিদ্ধান্ত কেৱল গুৱাহাটীৰ বাবে গ্ৰহণ কৰা হয়। প্ৰতিকূল বতৰৰ বাবে শাৰীৰিক পৰীক্ষা অনুষ্ঠিত কৰিব পৰা অৱস্থা নাই। যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

3 / 5
অৱশ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে শাৰীৰিক পৰীক্ষা। জানিব পৰা মতে গুৱাহাটীত অসম আৰক্ষীৰ নিযুক্তিৰ বাবে স্থগিত ৰখা শাৰীৰিক পৰীক্ষা ৫ অক্টোবৰত অনুষ্ঠিত হ'ব।

4 / 5
উল্লেখ্য যে, ৩ অক্টোবৰৰ পৰা প্ৰথম পৰ্যায়ৰ শাৰীৰিক পৰীক্ষা অনুষ্ঠিত কৰা হৈছে। ইয়াৰ বাবে পৰীক্ষাৰ্থীয়ে দীৰ্ঘদিন ধৰি অনুশীলন চলাই আহিছে। কিন্তু নিশাৰ পৰা হোৱা বৰষুণৰ ফলত গুৱাহাটীৰ চতুৰ্থ আৰক্ষী বেটেলিয়নৰ ফিল্ডখন বোকাময় হৈ পৰিছে। এনে পৰিস্থিতিত পৰীক্ষা অনুষ্ঠিত কৰিছে পৰীক্ষাৰ্থী আঘাতপ্ৰাপ্ত হোৱাৰ আশংকা থাকে বা ভালদৰে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে। পৰীক্ষাৰ্থীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

5 / 5
Latest Stories