TV9 ASSAM
দৈনন্দিন জীৱনত আমি নজনাকৈয়ে বহু ভুল কৰো। এনে ভুলত বাবে বাস্তু দোষো ঘটে। বহু সময়ত আমি নিজে সাৱধান হ’লে বাস্তু দোষ এৰাই চলিব পাৰোঁ।
নিশা খোৱাৰ পিছত ব্যৱহৃত বাচন-বৰ্তন পাকঘৰত থৈ দিয়াৰ অভ্যাস বহু লোকৰে আছে। এনে কৰাত কোনো সমস্যা নাই বুলি ভবা হয়। কিন্তু বাস্তু শাস্ত্ৰই কি কয় এই বিষয়ত?
নিশা পাকঘৰত গধুৰ বাচন থৈ দিয়াটো শুভ নে অশুভ? বাস্তু শাস্ত্ৰৰ মতে এনে কাৰ্য ঘৰখনৰ বাবে সঠিক নহয়।
কোনো ব্যক্তিয়ে যদি নিশা পাকঘৰত ব্যৱহৃত বাচন-বৰ্তন থৈ দিয়ে, এনে কাৰ্যক অশুভ বুলি গণ্য কৰা হয়। বাস্তু শাস্ত্ৰই এই কথা উল্লেখ কৰিছে।
বাস্তু শাস্ত্ৰৰ মতে যদি কোনো লোকে নিশা পাকঘৰত ব্যৱহৃত বাচন-বৰ্তন ৰাখে, তেতিয়া সেই ব্যক্তিজনৰ জীৱনত দুৰ্ভাগ্য হ’ব।
বাস্তু শাস্ত্ৰই কয় যে পাকঘৰত ব্যৱহৃত বাচন-বৰ্তন ৰখাটো অতি অশুভ। এনে কৰিলে দেৱী লক্ষ্মী অসন্তুষ্ট হ’ব আৰু সেই ঘৰত বাস নকৰে।
গোটেই নিশা পাকঘৰত ব্যৱহৃত বাচন-বৰ্তন ৰাখিলে সেই ঘৰত আৰ্থিক সমস্যা দেখা পাব। নেতিবাচক প্ৰভাৱ বাঢ়ি যায়। ধনাত্মক শক্তি দূৰ হয়।
এই প্ৰতিবেদনত উপস্থাপন কৰা বক্তব্যসমূহ বাস্তু শাস্ত্ৰৰ আধাৰত কোৱা হৈছে। এই ক্ষেত্ৰত TV9 Assam- এ নিজা কোনো মত প্ৰকাশ কৰা নাই।
পঢ়িবলৈ ক্লিক কৰক
যঁজা কল খোৱা উচিত নে অনুচিত