শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত প্ৰদান কৰা হ’ব তিনিটাকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰঃ অসম অলিম্পিক সন্থাৰ গুৰুত্বপূৰ্ণ ঘোষণা

ৰাজ্যৰ ক্ৰীড়া জগতৰ মহীৰূহ স্বৰূপ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত প্ৰৱৰ্তন হ’ব তিনিটাকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ। অসম অলিম্পিক সন্থাই এই পুৰস্কাৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেওবাৰে এক সংবাদ মেল যোগে অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে এই বিষয়ে ঘোষণা কৰে।

monjit-dutta
Monjit Dutta | Published: 07 Jul 2025 11:09 AM
ৰাজ্যৰ ক্ৰীড়াজতলৈ এক সু-সংবাদ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ প্ৰথমগৰাকী পদক জয়ী খেলুৱৈ হিচাপে ইতিহাস ৰচা, এছিয়ান গেমছৰ স্বৰ্ণ জয়ী দৌৰবিদ ভোগেশ্বৰ বৰুৱাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে অসম অলিম্পিক সন্থাই। অৰ্জুন বঁটা বিজয়ী প্ৰবীণ খেলুৱৈগৰাকীৰ নামত অসম অলিম্পিক সন্থাই তিনিটাকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

1 / 5
অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে দেওবাৰে এক সংবাদ মেল যোগে এই বিষয়ে ঘোষণা কৰিছে। অতীতক সন্মান জনাই, বৰ্তমানক শক্তিশালী কৰি আৰু ভৱিষ্যতক প্ৰেৰণা যোগাই ক্ৰীড়া ক্ষেত্ৰক অধিক উজ্জীৱিত কৰাৰ লক্ষ্যৰে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি অসম অলিম্পিক সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰে।

2 / 5
অসম অলিম্পিক সন্থাই তিনিটা শাখাত এই পুৰস্কাৰ প্ৰদান কৰিব- বছৰৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদ বঁটা, বছৰৰ উদীয়মান ক্ৰীড়া প্ৰতিভা বঁটা আৰু ক্ৰীড়াত জীৱনজোৰা সাধনা বঁটা। বছৰৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদ বঁটাত থাকিব ৫ লাখ টকাৰ পুৰস্কাৰ, উদীয়মান ক্ৰীড়া প্ৰতিভা বঁটাত থাকিব ২ লাখ টকাৰ পুৰস্কাৰ আৰু জীৱন যোৰা সাধনাত বঁটাত থাকিব ৩ লাখ টকাৰ পুৰস্কাৰ।

3 / 5
এই তিনিওটা শাখাতে খেলুৱৈ নিৰ্বাচনৰ বাবে তিনি জনীয়া এখন বিশেষ পেনেল গঠন কৰা হ’ব। এই পেনেলত থাকিব মনালিছা বৰুৱা,অভিজিৎ গোস্বামী আৰু অসম চৰকাৰৰ ক্ৰীড়া সচিব। অহা ৩ ছেপ্টেম্বৰত ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ দিনা শিৱসাগৰত এই ৰাষ্ট্ৰীয় বঁটাসমূহ প্ৰদান কৰা হ'ব বুলি সৰ্বানন্দ সোণোৱালে লগতে সদৰী কৰিছে।

4 / 5
উল্লেখ্য যে ৰাজ্যৰ ক্ৰীড়া জগতৰ মহীৰূহ স্বৰূপ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি তেওঁৰ জন্মদিনটোত ৰাজ্যত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। এতিয়া এই দিনটোতে তেওঁৰ নামত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদানৰ সিদ্ধান্তই স্বাভাৱিকতেই ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীসকলক উৎসাহিত কৰিছে।

5 / 5