শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পুনৰ উত্তপ্ত অসম-নাগালেণ্ড সীমান্তঃ সৰুপথাৰত নগা দুৰ্বৃত্তৰ অগ্নিসংযোগত ভস্মীভূত এখন গাঁও

গাঁওবাসী শুই থকা অৱস্থাতে নগা দুৰ্বৃত্তই চলায় এনে ভয়ানক অত্যাচাৰ। গাঁওখনত এফালৰ পৰা অগ্নিসংযোগ কৰাৰ লগতে গুলিচালনা আৰু গ্ৰেনেডেৰে আক্ৰমণ কৰা বুলিও অভিযোগ উঠিছে। এনে আক্ৰমণত সম্পূৰ্ণৰূপে ধ্বংস হয় টেঙাতল জালাল বস্তি নামৰ গাঁওখন।

monjit-dutta
Monjit Dutta | Published: 03 Oct 2025 14:21 PM
পুনৰ উত্তপ্ত হৈ পৰিছে সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্ত। যোৱা নিশা অসমৰ সীমাৰ ভিতৰত প্ৰৱেশ কৰি নগা দুৰ্বৃত্তই চলোৱা অত্যাচাৰত সীমান্তত পুনৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ উদ্ভৱ হৈছে। নগা দুৰ্বৃত্তই অগ্নিসংযোগ কৰি সম্পূৰ্ণৰূপে ধ্বংস কৰিছে অসমৰ এখন গাঁও।

1 / 5
প্ৰকাশিত খবৰ অনুসৰি বৃহস্পতিবাৰে নিশা প্ৰায় ১১.৪৫ বজাত নগা দুৰ্বৃত্তৰ এটা দল হঠাতে গাঁওখনত প্ৰৱেশ কৰে আৰু টেঙাতল জালাল বস্তি নামৰ গাঁওখনত অগ্নিসংযোগ কৰে। নগাৰ এই আক্ৰমণৰ সন্মুখীন হোৱা গাঁওখন আছিল সংখ্যালঘু মিয়া অধ্যুষিত গাঁও।

2 / 5
গাঁওবাসী শুই থকা অৱস্থাতে নগা দুৰ্বৃত্তই চলায় এনে ভয়ানক অত্যাচাৰ। গাঁওখনত এফালৰ পৰা অগ্নিসংযোগ কৰাৰ লগতে গুলিচালনা আৰু গ্ৰেনেডেৰে আক্ৰমণ কৰা বুলিও অভিযোগ উঠিছে। এনে আক্ৰমণত সম্পূৰ্ণৰূপে ধ্বংস হয় টেঙাতল জালাল বস্তি নামৰ গাঁওখন।

গাঁওবাসী শুই থকা অৱস্থাতে নগা দুৰ্বৃত্তই চলায় এনে ভয়ানক অত্যাচাৰ। গাঁওখনত এফালৰ পৰা অগ্নিসংযোগ কৰাৰ লগতে গুলিচালনা আৰু গ্ৰেনেডেৰে আক্ৰমণ কৰা বুলিও অভিযোগ উঠিছে। এনে আক্ৰমণত সম্পূৰ্ণৰূপে ধ্বংস হয় টেঙাতল জালাল বস্তি নামৰ গাঁওখন।

3 / 5
ইফালে নিশা চলোৱা এই অতৰ্কিত আক্ৰমণৰ ফলত গাঁওখনৰ বহু প্ৰাপ্তবয়স্ক লোকৰ লগতে বহুকেইজন শিশু তথা কিশোৰ-কিশোৰী আহত হোৱা বুলি জানিব পৰা গৈছে। নগা দুৰ্বৃত্তই লগতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF)কো গাওঁ খনত প্ৰৱেশত বাধা প্ৰদান কৰে বুলি খবৰ পোহৰলৈ আহিছে।

4 / 5
এই খবৰ লাভ কৰাৰ লগে লগে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকন, জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, CRPFৰ শীৰ্ষ বিষয়া , সৰুপথাৰ সমজিলাৰ সীমান্ত দণ্ডাধীশসহ এটা উচ্চ পৰ্যায়ৰ প্ৰশাসনিক দল জালাল বস্তিত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। এই ঘটনাৰ পিছত এতিয়া সীমান্তত চেঁপা উত্তেজনা বিৰাজ কৰিছে।

5 / 5