শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ডায়েলাইছিছ ইউনিটৰ শুভাৰম্ভ, একেদিনাই গোলাঘাটৰ পাঁচখন চিকিৎসালয় পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ

সোমবাৰে গোলাঘাট জিলা ভ্ৰমণ কৰে মন্ত্ৰী অশোক সিংহলে। এই ভ্ৰমণ কালতে মন্ত্ৰীগৰাকীয়ে বোকাখাটৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ কাৰ্যক্ৰমৰ অধীনত চাৰিখন বিছনাযুক্ত ডায়েলাইছিছ ইউনিটৰ শুভাৰম্ভ কৰে।

manas-borah
Manas Borah | Published: 04 Aug 2025 21:11 PM
অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে সোমবাৰে গোলাঘাট জিলা ভ্ৰমণ কৰে।  মন্ত্ৰীগৰাকীয়ে পুৱা বোকাখাটৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ কাৰ্যক্ৰমৰ অধীনত চাৰিখন বিছনাযুক্ত ডায়েলাইছিছ  ইউনিটৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতেই চিকিৎসালয়খনৰ পঞ্জীয়ন কক্ষ,ফাৰ্মাচী, পৰীক্ষাগাৰৰ নমুনা সংগ্ৰহ,অ পি ডি,প্ৰসূতিগৃহ আদি পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে।

1 / 5
অসম চৰকাৰৰ কৃষি আৰু আবকাৰী বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে এখন বৈঠকত মিলিত হৈ চিকিৎসালয়খনৰ বিভিন্ন ব্যৱস্থাৱলী সম্পৰ্কে বুজ লয়। এই বৈঠকত  ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সঞ্চালক ডাঃ লক্ষ্মণন এছ, স্বাস্থ্য সঞ্চালক  কমলজিত তালুকদাৰ,জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ বডিলাল দেউৰী উপস্থিত থাকে। উল্লেখযোগ্য যে, পুৱাৰ ভাগত মন্ত্ৰী অশোক সিংহলে কহৰাস্থিত শ্বহীদ বিজু বৈষ্ণৱ আদৰ্শ চিকিৎসালয় পৰিদৰ্শন কৰিছিল।

2 / 5
মন্ত্ৰী অশোক সিংহলে খুমটাই আদৰ্শ চিকিৎসালয়ো পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ সময়ত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই সংগ দিয়ে মন্ত্ৰীগৰাকীক।

3 / 5
বিয়লিলৈ গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়খনো পৰিদৰ্শন কৰাৰ লগতে অসম নাগালেণ্ড সীমান্ত অঞ্চলৰ উৰিয়ামঘাটৰ ৰেংমা জলসিঞ্চন আঁচনি পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ৰেংমা জলসিঞ্চন আঁচনিৰ অধীনত অহা ১৫ আগষ্টৰ দিনাৰ পৰা খেতি পথাৰত পানী যোগান ধৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

4 / 5
উল্লেখ্য যে, মন্ত্ৰী অশোক সিংহলে সন্ধিয়া সৰুপথাৰ সম জিলা অসামৰিক চিকিৎসালয়খন পৰিদৰ্শন কৰে আৰু চিকিৎসক তথা চিকিৎসক কৰ্মী সকলৰ লগত আলোচনাত মিলিত হয়। আজিৰ এই অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত থাকে।

5 / 5