শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজি ৰাজ্যপালৰ At Home কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে বহু শীৰ্ষ বিষয়া

আজি সমগ্ৰ দেশবাসীয়ে পালন কৰিছে দেশৰ ৭৯ সংখ্যক স্বাধীনতা। এই স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যপালে সকলোকে চাহ মেললৈ নিমন্ত্ৰণ কৰে। এই চাহ মেল কাৰ্যসূচীক কোৱা হয় 'AT Home'।

barasha-misra
Barasha Misra | Published: 15 Aug 2025 20:55 PM
আজি ১৫ আগষ্ট। দেশে পালন কৰিছে ৭৯ সংখ্যক স্বাধীনতা দিৱস। এই দিনটোতেই ১৯৪৭ চনত ভাৰতে ব্ৰিটিছৰ কবলৰ পৰা স্বাধীনতা লাভ কৰিছিল। যাৰ বাবে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এই দিনটো বিশেষ।

1 / 5
স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসত ৰাজ্যপালে সকলোকে চাহ মেললৈ নিমন্ত্ৰণ কৰে। এই চাহ মেল কাৰ্যসূচীক কোৱা হয় 'AT Home'।

2 / 5
সেই অনুসৰি আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৫ বজাত মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যৰ শীৰ্ষ বিষয়াসকলৰ লগত আলোচনাত বহে। এই কাৰ্যসূচী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।

3 / 5
সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত এই কাৰ্যসূচীত পত্নীসহ মুখ্যমন্ত্ৰী, প্ৰশাসনিক মূৰব্বী, বিধানসভাৰ অধ্যক্ষ, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত, সেনা বাহিনীৰ শীৰ্ষ বিষয়াসকল, ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বোৰ্ডৰ সচিব শ্ৰী দেৱজিত ল’ন শইকীয়া আৰু ভাৰত চৰকাৰৰ পৰা পদৰ লাভ কৰা ব্যক্তিসকল উপস্থিত থাকে।

4 / 5
এই অনুষ্ঠানত ৰাজ্যপালে সকলোকে স্বাগতম জনায় তাৰ পিছত সকলোৰে সৈতে আলোচনাত মিলিত হয়। এই 'AT Home' অনুষ্ঠানটোত বিভিন্ন দিশৰ বিষয়ে সকলোৱে আলোচনাও কৰে।

5 / 5