শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গোৰেশ্বৰ গুৰমৌৰ বাথৌ মন্দিৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ, উচ্ছেদ সম্পৰ্কত কি ক’লে ?

গোৰেশ্বৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গোৰেশ্বৰ গুৰমৌৰ বাথৌ মন্দিৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে গোৰেশ্বৰ মহাবিদ্যালয়ৰ সোনালী জয়ন্তীৰ মুকলি সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ।

manas-borah
Manas Borah | Published: 08 Jul 2025 18:08 PM
আজি মঙলবাৰে গোৰেশ্বৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গোৰেশ্বৰ গুৰমৌৰ বাথৌ মন্দিৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে গোৰেশ্বৰ মহাবিদ্যালয়ৰ সোনালী জয়ন্তীৰ মুকলি সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ। সন্ধিয়া গোৰেশ্বৰ মণ্ডল বিজেপিৰ কাৰ্যলয় উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

1 / 5
বড়ো জনগোষ্ঠীৰ আৰাধ্য বাথৌ থানচালি শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,বড়ো জাতিৰ বাথৌ ভগৱানৰ পঞ্চভূতৰ প্ৰতি সন্মান জনাই এই বাথৌ ভগৱানক যি পূজা কৰা হয় এই পূজাই আমাক সকলোকে অনুপ্ৰাণিত কৰে। অসমবাসীৰ কল্যাণৰ বাবে আজি মুখ্যমন্ত্ৰী গৰাকীয়ে বাথৌ ভগৱানক প্ৰাৰ্থনা জনায়।

2 / 5
ইফালে,চাপৰত চলোৱা উচ্ছেদ অভিযান সম্পৰ্কত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, অখিল গগৈয়ে যি কৰে সেইটো তেওঁ জানিব, মই মোৰ ৰাষ্টাত থাকিম আৰু তেওঁ তেওঁৰ ৰাষ্টাত থাকক।

3 / 5
আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, "বিজেপিত সকলো পুৰণা, নতুন কোনো নহয়। আজি নতুনকৈ ১৮ বা ২৫ বছৰীয়া যুৱক এজন আহিলে কি বিজেপি দলত নলম নেকি? নল'লে কংগ্ৰেছ দলত সোমাব। তেতিয়া হ'লে বিজেপি নিৰ্বাচনত কেনেকৈ জিকিব? বিজেপিক নিৰ্বাচনত হৰুৱা বুদ্ধি দিব নালাগে জিকা বুদ্ধি দিব।

4 / 5
মুখ্যমন্ত্ৰীক সংগ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, বিটিআৰৰ গোৰেশ্বৰৰ পাৰিষদ পৱিত্ৰ কুমাৰ বড়ো, বিজেপিৰ যুৱ নেতা চক্ৰধৰ বড়ো আদি‌য়ে।

5 / 5