শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

উন্নত হ’ব হৃদযন্ত্ৰৰ স্বাস্থ্য, বাবা ৰামদেৱে পৰামৰ্শ দিয়া এই চাৰিটা যোগাসন প্ৰতিদিনে কৰক…

জীৱনশৈলীৰ সৰু সৰু পৰিৱৰ্তনে হৃদযন্ত্ৰ স্বাস্থ্য বজাই ৰাখিব পাৰে। যোগ হৈছে এনে এক বিকল্প যিয়ে শৰীৰ, মন আৰু হৃদয়ত ইতিবাচক প্ৰভাৱ পেলায়।

উন্নত হ’ব হৃদযন্ত্ৰৰ স্বাস্থ্য, বাবা ৰামদেৱে পৰামৰ্শ দিয়া এই চাৰিটা যোগাসন প্ৰতিদিনে কৰক…
Manas Borah
Manas Borah | Updated On: 07 Dec 2025 16:14 PM

হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। পূৰ্বে এই সমস্যাবোৰ বেছিকৈ বয়সস্থ লোকৰ মাজত দেখা গৈছিল যদিও এতিয়া কম বয়সৰ লোকৰো হৃদযন্ত্ৰ সমস্যা হোৱা দেখা যায়। এই পৰিস্থিতিত জীৱনশৈলীৰ সৰু সৰু পৰিৱৰ্তনে হৃদযন্ত্ৰ স্বাস্থ্য বজাই ৰাখিব পাৰে। যোগ হৈছে এনে এক বিকল্প যিয়ে শৰীৰ, মন আৰু হৃদয়ত ইতিবাচক প্ৰভাৱ পেলায়। নিয়মিত যোগাভ্যাসে হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা উন্নত কৰে আৰু শৰীৰত প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে। এই ক্ষেত্ৰত স্বামী ৰামদেৱে পৰামৰ্শ দিয়া এই যোগাসনসমূহ উপকাৰী হ’ব পাৰে।

হৃদৰোগ বৃদ্ধিৰ কেইবাটাও ডাঙৰ কাৰণ আছে। প্ৰথমতে, দীৰ্ঘ সময় বহি থকা আৰু শাৰীৰিক কাৰ্যকলাপৰ অভাৱে হৃদযন্ত্ৰৰ ওপৰত অধিক হেঁচা প্ৰয়োগ কৰে। ইয়াৰ উপৰিও জাংক ফুড, অতিৰিক্ত নিমখ, চেনি, ভজা খাদ্য খোৱাৰ ফলত ৰক্তবাহী নলীত চৰ্বি জমা হয়, যাৰ ফলত হৃদযন্ত্ৰলৈ তেজৰ সোঁত লেহেমীয়া হয়। অহৰহ মানসিক চাপ আৰু উদ্বেগেও হৃদস্পন্দন আৰু ৰক্তচাপ বৃদ্ধি কৰি হৃদযন্ত্ৰৰ ক্ষতি কৰে। চিগাৰেট সেৱন, মদ্যপান, বায়ু প্ৰদূষণ বৃদ্ধিয়েও হৃদযন্ত্ৰৰ স্বাস্থ্যৰ গুৰুতৰ প্ৰভাৱ পেলায়। টোপনিৰ অভাৱ আৰু মেদবহুলতাই এই সমস্যাবোৰ আৰু অধিক ভয়াৱহ কৰি তোলে। এনে পৰিস্থিতিত স্বামী ৰামদেৱে পৰামৰ্শ দিয়া এই যোগাসন হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ফলপ্ৰসূ হ’ব পাৰে।

হৃদযন্ত্ৰৰ সুস্বাস্থ্যৰ বাবে এই যোগাসনৰ অভ্যাস কৰক

সূৰ্য্য নমস্কাৰ

স্বামী ৰামদেৱে বুজাই দিলে যে, সূৰ্য্য নমস্কৰে সমগ্ৰ শৰীৰ সক্ৰিয় কৰি তেজৰ সোঁত উন্নত কৰে। ইয়াৰ ফলত হৃদযন্ত্ৰৰ ওপৰত চাপ কমি যায়, শক্তি বৃদ্ধি পায় আৰু দীৰ্ঘদিন ধৰি শক্তি বজাই ৰাখে। নিয়মিতভাৱে সূৰ্য্য নমস্কাৰ কৰিলে হৃদযন্ত্ৰ শক্তিশালী হয় আৰু অক্সিজেন শোষণ উন্নত হয়।

ভুজংগাসন

ভুজংগাসনে হাওঁফাওঁৰ ক্ষমতা বৃদ্ধি কৰে, যাৰ ফলত হৃদযন্ত্ৰই অধিক অক্সিজেন লাভ কৰিব পাৰে। ইয়াৰ ফলত চাপ কমি যায়, হৃদস্পন্দন স্থিৰ হৈ থাকে, ভাগৰ কমে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত হয়।

পশ্চিমোত্তানাসন

পশ্চিমোত্তানাসনে শৰীৰ আৰু স্নায়ুতন্ত্ৰক শান্ত কৰি মানসিক চাপ, উদ্বেগ, চিন্তা কমায়। ই হৃদস্পন্দন নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু হৃদযন্ত্ৰৰ ওপৰত অত্যধিক চাপ কমায়। এই আসনে মানসিক ভাৰসাম্য বৃদ্ধি কৰে।

দণ্ডাসন

দণ্ডাসনে শ্বাস-প্ৰশ্বাসৰ ক্ষমতা আৰু হাওঁফাওঁৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। ই তেজৰ সোঁতত ভাৰসাম্য ৰক্ষা কৰে আৰু সমগ্ৰ শৰীৰত অক্সিজেনৰ সোঁত উন্নত কৰে। শুদ্ধ ভংগীমাই হৃদযন্ত্ৰৰ ওপৰত অপ্ৰয়োজনীয় চাপ কমাই দিয়ে, যাৰ ফলত হৃদযন্ত্ৰ দীৰ্ঘদিনলৈ সুস্থ আৰু শক্তিশালী হৈ থাকে।