শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

উচ্চ ৰক্তচাপৰ ঔষধ সেৱন হঠাতে বন্ধ কৰাটো বিপদজনক, হ’ব পাৰে এইসমূহ সমস্যা…

বহু সময়ত ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ ঔষধ সেৱন বন্ধ কৰে, যাৰ ফলত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। এনে পৰিস্থিতিত হৃদযন্ত্ৰ, মগজু, বৃক্ক আৰু চকুত বেয়াকৈ প্ৰভাৱ পৰিব পাৰে। ইয়াৰ ফলত কেনেধৰণৰ ক্ষতি হ’ব পাৰে জানোঁ আহক।

উচ্চ ৰক্তচাপৰ ঔষধ সেৱন হঠাতে বন্ধ কৰাটো বিপদজনক, হ’ব পাৰে এইসমূহ সমস্যা…
প্ৰতীকী ফটোImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 18 Jun 2025 08:03 AM

এসময়ত বৃদ্ধ বয়সত দেখা দিয়া উচ্চ ৰক্তচাপৰ ৰোগ বৰ্তমান ডেকা আৰু আদ-বয়সীয়া লোকৰ ক্ষেত্ৰতো দেখা গৈছে। এনে পৰিস্থিতিত বি পি নিয়ন্ত্ৰণত ৰাখিবলৈ অবিৰতভাৱে ঔষধ সেৱন কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। এই ঔষধবোৰ অবিৰতভাৱে সেৱন কৰাটো অতি প্ৰয়োজনীয়। কিন্তু বহু সময়ত ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ ঔষধ সেৱন বন্ধ কৰে, যাৰ ফলত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। এনে পৰিস্থিতিত হৃদযন্ত্ৰ, মগজু, বৃক্ক আৰু চকুত বেয়াকৈ প্ৰভাৱ পৰিব পাৰে। ইয়াৰ ফলত কেনেধৰণৰ ক্ষতি হ’ব পাৰে জানোঁ আহক।

উচ্চ ৰক্তচাপৰ বাবে ৰক্তবাহী নলীত চাপ অতি উচ্চ হৈ পৰে। গতিকে উচ্চ ৰক্তচাপৰ বাবে ঔষধ এৰিলে হৃদযন্ত্ৰ, মগজু, বৃক্কত প্ৰত্যক্ষ প্ৰভাৱ পৰিব পাৰে আৰু অবিৰত উচ্চ ৰক্তচাপৰ বাবে ইয়াৰ ক্ষতি হ’ব পাৰে। যিটো আজীৱন বিপদৰ কাৰণ হৈ পৰিব পাৰে। হঠাৎ ঔষধ এৰি দিয়াৰ পিছত ৰোগীৰ মূৰৰ বিষ, মূৰ ঘূৰোৱা, বুকুৰ বিষ, দ্ৰুত হৃদস্পন্দন, ভৰি ফুলা, উশাহ লোৱাত অসুবিধা হ’ব পাৰে। যদি অৱস্থাটো বেছি বেয়া হয় তেন্তে ৰোগীজনক চিকিৎসালয়তো ভৰ্তি কৰিবলগীয়া হ’ব পাৰে।

মগজুৰ ৰক্তক্ষৰণ বা পক্ষাঘাতৰ আশংকা

দিল্লীৰ আৰ এম এল হাস্পতালৰ চিকিৎসা বিভাগৰ অধ্যাপক ডাঃ সুভাষ গিৰীয়ে কয় যে, উচ্চ ৰক্তচাপৰ চিকিৎসা ত্যাগ কৰিলে মগজুৰ ৰক্তক্ষৰণ বা পক্ষাঘাতৰ সম্ভাৱনা বৃদ্ধি পায়। বহু সময়ত ৰোগীয়ে হঠাতে অজ্ঞান হৈ পৰা, শৰীৰৰ যিকোনো অংশত দুৰ্বলতা অনুভৱ কৰে। উচ্চ ৰক্তচাপৰ ঔষধ এৰিলে হঠাৎ হৃদযন্ত্ৰৰ ওপৰত চাপ বৃদ্ধি পায়, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়। বৃক্ক বিকলতাও হ’ব পাৰে। হঠাতে ঔষধ বন্ধ কৰিলে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত অসুবিধা হ’ব পাৰে, লগতে ঔষধৰ প্ৰভাৱো হ্ৰাস পাব পাৰে।

কিয় মানুহে ঔষধ খোৱা বন্ধ কৰে?

বহু সময়ত ৰোগীয়ে অনুভৱ কৰে যে, তেওঁলোকৰ ৰক্তচাপ এতিয়া স্বাভাৱিক, গতিকে তেওঁলোকক ঔষধৰ প্ৰয়োজন নাই। কিছুমানে ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ ভয়ত ঔষধ সেৱন বন্ধ কৰে। কিছুমান মানুহে পাহৰি যোৱা বা গাফিলতিৰ বাবে উচ্চ ৰক্তচাপৰ ঔষধ সেৱন বন্ধ কৰে। কিছুমান ক্ষেত্ৰত ঘৰুৱা উপায় বা আন পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি মানুহে ঔষধ সেৱন বন্ধ কৰি দিয়ে। বহু সময়ত মানুহে ছ’চিয়েল মিডিয়া বা নিজৰ চিনাকি মানুহৰ পৰা তথ্য সংগ্ৰহ কৰি নিজাববীয়াকৈ ঔষধ বন্ধ কৰাৰ বা ড’জ কম কৰাৰ সিদ্ধান্ত লয়।

চিকিৎসকৰ পৰামৰ্শ

উচ্চ ৰক্তচাপ ৰোগীয়ে কেতিয়াও নিজাববীয়াকৈ ঔষধ খোৱা বন্ধ কৰিব নালাগে। ঔষধ বন্ধ কৰাৰ সিদ্ধান্ত সদায় চিকিৎসকৰ পৰামৰ্শ মতে লোৱা উচিত। ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে চিকিৎসকৰ সৈতে কথা পাতক। যদি কোনো ঔষধৰ পাৰ্শ্বক্ৰিয়া হৈছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে ঔষধ সেৱন বন্ধ কৰক বা মাত্ৰা হ্ৰাস কৰক। ওজন কমোৱা, নিয়মিত ব্যায়াম কৰা, যোগাসন কৰা, খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰা আদি পৰিৱৰ্তন হ’লে ঔষধ বন্ধ বা হ্ৰাস কৰিব পাৰি, কিন্তু এয়া চিকিৎসকৰ তত্বাৱধানত কৰিব লাগে।

লগতে পঢ়ক : Morning News: চাওঁ আহক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…