শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শ্বেম্পু কৰাৰ সময়ত নকৰিব এই ভুল! চুলি সৰাৰ হ’ব পাৰে মূল কাৰণ…

কোনে নিবিচাৰে ভাল চুলি। কিন্তু তাৰ পাছতো বহু মহিলাৰ চুলি সৰাৰ সমস্যাই দেখা দিয়া দেখা যায়। ইয়াৰ বাবে চুলিৰ যত্ন লোৱা প্ৰয়োজন। বিশেষকৈ শ্বেম্পু কৰাৰ সময়ত বিশেষ কিছুমান দিশৰ ওপৰত গুৰুত্ব দিব লাগে।

শ্বেম্পু কৰাৰ সময়ত নকৰিব এই ভুল! চুলি সৰাৰ হ’ব পাৰে মূল কাৰণ…
শ্বেম্পু কৰাৰ সময়ত ভুলImage Credit source: pexels
barasha-sarma
Barasha Sarma | Published: 05 Aug 2025 08:56 AM

প্ৰায় সকলো মহিলাই বিচাৰে চুলি ক’লা, ডাঠ আৰু ধুনীয়া হোৱাটো। কিন্তু আজিকালি পুৰুষৰ পৰা মহিলালৈ বিভিন্নজনে চুলি সৰাৰ সমস্যাত ভোগা দেখা যায়। যাৰ বাবে বহুতে দামী দামী তেল, চেম্পু, কণ্ডিচনাৰ আদি ব্যৱহাৰ কৰে। চুলিৰ সমস্যা যেনে চুলি ফঁটা, কোমল, চুলি সৰা আদি মানুবৰ খাদ্যভাসৰ বাবে হ’ব পাৰে। চুলিৰ স্বাস্থ্যৰ বাবে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাৰ লগতে চুলিৰ যত্ন লোৱা প্ৰয়োজন। চুলি আৰু মূৰৰ ছাল পৰিষ্কাৰ কৰি ৰাখিবলৈ শ্বেম্পু কৰাটো প্ৰয়োজনীয়। কিন্তু শ্বেম্পু কৰাৰ সময়ত কৰা কিছুমান ভুলে আপোনাৰ চুলি বেয়া কৰিব পাৰে।

চুলি সুস্থ কৰি ৰাখিবলৈ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱাটো জৰুৰী। কিন্তু কিছুমান ভুলে আপোনাৰ চুলি শুকান, দুৰ্বল কৰি তুলিব পাৰে। তলত ইয়াৰ বিষয়ে সবিশেষ উল্লেখ কৰা হ’ল-

পোনে পোনে শ্বেম্পু ব্যৱহাৰঃ বহু মহিলাই পোনে পোনে শ্বেম্পু ব্যৱহাৰ কৰে। ইয়াৰ ফলত মূৰৰ ছাল প্ৰত্যক্ষভাৱে ৰাসায়নিক পদাৰ্থৰ সম্পৰ্কলৈ আহে। গতিকে শ্বেম্পু সদায় পানীত মিহলাই ব্যৱহাৰ কৰিব লাগে। ইয়াৰোপৰি ইয়াৰ পৰিমাণৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজ।

গৰম পানীঃ বহুতে চুলি ধোৱাৰ সময়ত গৰম পানী ব্যৱহাৰ কৰে। ইয়াৰ ফলত চুলি শুকান হৈ য়ায়। চুলি ধোৱাৰ সময়ত সহায় স্বাভাৱিত পানী ব্যৱহাৰ কৰিব লাগে।

ভুল শ্বেম্পুঃ বহু মানুহে বিজ্ঞাপনৰ প্ৰভাৱত পৰি শ্বেম্পু ব্যৱহাৰ কৰা দেখা যায়। এই ভুলে আপোনাৰ চুলিৰ ক্ষতি কৰে। চুলিৰ ধৰণ অনুসৰি সদায় শ্বেম্পু কিনিব লাগে।

প্ৰতিদিনে শ্বেম্পু কৰাঃযদি আপুনি প্ৰতিদিনে আপোনাৰ চুলিখিনি শ্বেম্পু কৰে তেন্তে চুলি শুকান হৈ পৰিব। ইয়াৰ ফলত প্ৰাকৃতিক তেল কমি যায়। সপ্তাহত দুবাৰৰ পৰা তিনিবাৰ শ্বেম্পু কৰিলেই যথেষ্ট।

টাৱেলেৰে চুলি জোকাৰি থকাঃ ভাৰতীয় মহিলাসকলে প্ৰায়ে টাৱেলখন জোকাৰি জোকাৰি চুলি শুকুৱাই লয়, কিন্তু ইয়াৰ ফলত আপোনাৰ চুলি সৰিব পাৰে। গতিকে এই দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

 

অন্য খবৰ পঢ়কঃ কোনসকল মহিলাৰ ছাৰ্ভাইকেল কৰ্কট ৰোগ হোৱাৰ আশংকা বেছি? জানক…