সাধাৰণ নহয়! দাঁতৰ বিষ হ’ব পাৰে এইসমূহ ৰোগৰ লক্ষণ, জানক সবিশেষ…
আজিকালি প্ৰায়ভাগ মানুহে দাঁতৰ বিষৰ সমস্যাত ভোগে। এই বিষ কেতিয়াবা ইমানেই বেছি হয় যে মানুহক অস্বস্তিক পেলায়।কেতিয়াবা এই বিষ হঠাতে হয়। গতিকে হঠাতে হোৱা বিষ কোনো ৰোগৰ লক্ষণ হোৱাৰ সম্ভাৱনা থাকে।

কেতিয়াবা আমাৰ হঠাতে দাঁতত বিষ হয় আৰু ইয়াৰ কাৰণ আমি বুজি নাপাওঁ। বহুতে ভাবে যে বেছি ঠাণ্ড বা মিঠা খোৱাৰ ফলত এনে হৈছে। কিন্তু কেতিয়াবা ই কোনো গুৰুতৰ ৰোগৰ লক্ষণো হ’ব পাৰে। কেতিয়াবা এই বিষ বাৰে বাৰে হয়। ঔষধ খোৱাৰ কিছুসময় পাছত অলপ সকাহ পোৱা যায় যদিও পাছত আকৌ হয়।
দাঁতৰ লগত জড়িত বিষয়বোৰ বহুতে সহজভাৱে লোৱা দেখা যায়। কিন্তু ই শৰীৰত বহু ধৰণৰ সমস্যাৰ ইংগিত দিয়ে। প্ৰথম অৱস্থাত এই বিষটো সামান্য বিন্ধি যোৱাৰ দৰে অনুভৱ হয় যদিও সময়ৰ লগে লগে ইয়াক আওকাণ কৰিলে ই গুৰুতৰ ৰূপ ল’ব পাৰে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ।
১- দাঁতৰ বিষৰ আটাইতকৈ সাধাৰণ কাৰণ হ’ল দাঁত ভালদৰে পৰিষ্কাৰ নকৰা। যেতিয়াই আমি মিঠা, আঠাযুক্ত বা এচিডিক কিবা এটা খাওঁ আৰু পাছত দাঁতবোৰ পৰিষ্কাৰ নকৰো, তেতিয়া সাধাৰণতে দাঁতবোৰ পচিবলৈ আৰু ক্ষয় হ’বলৈ আৰম্ভ কৰে। এই ক্ষয়ৰ ফলত দাঁতৰ ওপৰৰ তৰপটো ফুটা হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত ক্ষয় দাঁতৰ স্নায়ুত উপনীত হয়, ইয়াৰ ফলত বিষ হয়।
২- দ্বিতীয় প্ৰধান কাৰণ হ’ল দাঁতৰ আলুৰ ৰোগ। যেতিয়া আলু ফুলি যায় তেতিয়া ই দাঁতৰ গ্ৰিপ ঢিলা কৰিবলৈ আৰম্ভ কৰে, যাৰ বাবে দাঁতবোৰ লৰিবলৈ আৰম্ভ কৰে। কেতিয়াবা ফুলাৰ লগতে দাঁতৰ আলুত পূজ গঠন হ’বলৈ আৰম্ভ কৰে। দাঁতৰ আলু ফুলাৰ ফলতো বিষ হয়।
৩- তৃতীয় কাৰণটো হ’ল সঠিক টুথব্ৰাছ ব্যৱহাৰ নকৰা। টান ব্ৰাছ ব্যৱহাৰ কৰা, ব্ৰাছ কৰাৰ সময় বেছি জোৰ দিয়া আদিৰ ফলতো বিষ হব পাৰে।
এইটোৱেই দাঁতৰ বিষৰ মূল কাৰণ
কিন্তু আপুনি জানি আচৰিত হ’ব যে দাঁতৰ বিষ কেৱল মুখৰ ৰোগৰ লক্ষণ নহয়। কেতিয়াবা হৃদৰোগ, চাইনাছৰ সংক্ৰমণ বা স্নায়ুজনিত সমস্যাৰ লক্ষণো হ’ব পাৰে। উদাহৰণস্বৰূপে, হাৰ্ট এটেকৰ আগতে একাংশই দাঁতৰ বিষৰ অভিযোগ কৰে।
পৰিত্ৰাণৰ উপায়
- পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সঠিক যত্ন লোৱা।
- দিনটোত দুবাৰ ব্ৰাছ কৰক।
- ব্ৰাছ কৰাৰ সময়ত কোমল ব্ৰাছ ব্যৱহাৰ কৰিব।
- দাঁতৰ মাজত চাফা কৰিবলৈ ডেণ্টেল ফ্লছ ব্যৱহাৰ কৰিব লাগে।
- মিঠা বা আঠাযুক্ত খাদ্য খোৱাৰ পিছত ধুবলৈ নাপাহৰিব।
- দাঁতৰ সঠিকভাৱে যত্ন লওক।
- যদি বাৰে বাৰে দাঁতত বিষ অনুভৱ কৰিছে তেন্তে দন্ত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।
অন্য খবৰ পঢ়কঃ ছালৰ সমস্যা হ’ব দূৰ! আয়ুৰ্বেদত আছে এক বিশেষ উপায়…