শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কোনসকল লোকৰ হাৰ্ট এটেক হোৱাৰ আশংকা বেছি? চিকিৎসকৰ পৰা জানক

World Heart Day 2025: বিশ্বজুৰি হাৰ্ট এটেকৰ ৰোগী দ্ৰুতগতিত বৃদ্ধি পাইছে। হাৰ্ট এটেক কেৱল বৃদ্ধ বা ৰোগীৰ মাজতে সীমাবদ্ধ নহয়; আনৰ ক্ষেত্ৰতো ইয়াৰ বিপদ বৃদ্ধি কৰিব পাৰে। গতিকে ইয়াক আওকাণ কৰা উচিত নহয়। কোনসকলৰ লোকৰ হাৰ্ট এটেকৰ আশংকা বেছি জানো আহক।

কোনসকল লোকৰ হাৰ্ট এটেক হোৱাৰ আশংকা বেছি? চিকিৎসকৰ পৰা জানক
কোনসকল লোকৰ হাৰ্ট এটেক হোৱাৰ আশংকা বেছি?
trishna-kalita
Trishna Kalita | Published: 28 Sep 2025 18:31 PM

ভাৰতত বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত হাৰ্ট এটেকৰ ৰোগী দ্ৰুতগতিত বৃদ্ধি পাইছে। বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) তথ্য অনুসৰি, বিশ্বজুৰি প্ৰতি বছৰে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ বাবে প্ৰায় ১.৮ কোটি লোকৰ মৃত্যু হয়, ইয়াৰ অন্যতম সাধাৰণ কাৰণ হৃদৰোগ। ইয়াৰ মূল কাৰণ হ’ল অস্বাস্থ্যকৰ জীৱনশৈলী, মানসিক চাপ, ধূমপান, মেদবহুলতা, উচ্চ ৰক্তচাপ, আৰু ডায়েবেটিছ। সঘনাই জাংক ফুড সেৱন কৰা, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ, অপৰ্যাপ্ত টোপনি আদিয়েও হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। তদুপৰি জিনীয় কাৰক যেনে পাৰিবাৰিক হৃদৰোগৰ ইতিহাসে এই সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি কৰে।

ৰাজীৱ গান্ধী হাস্পতালৰ কাৰ্ডিঅ’লজি বিভাগৰ ডাঃ অজিত জৈনে কৈছে যে হাৰ্ট এটেকৰ আগতে শৰীৰে কিছু আগতীয়া সংকেত দিবলৈ আৰম্ভ কৰে, যিবোৰক আওকাণ কৰাটো বিপদজনক হ’ব পাৰে। আটাইতকৈ সাধাৰণ লক্ষণসমূহ হ’ল বুকুৰ চাপ বা টান হোৱা, বাওঁহাত, ডিঙি বা কান্ধৰ বিষ, উশাহ লোৱাত কষ্ট, ঘাম ওলোৱা, মূৰ ঘূৰোৱা আদি।

কিছুমান মানুহৰ মৃদু লক্ষণ দেখা দিব পাৰে, যেনে বুকুৰ গধুৰতা বা দুৰ্বলতা, যিবোৰক প্ৰায়ে গেছ বা এচিডিটি বুলি ভুল কৰা হয়। মহিলাৰ হাৰ্ট এটেকৰ লক্ষণ অলপ বেলেগ হ’ব পাৰে, যেনে পিঠি বা পেটৰ বিষ, বমি, অস্বাভাৱিক ভাগৰ। যদি এই লক্ষণসমূহ দেখা দিয়ে, তেন্তে তৎক্ষণাত চিকিৎসকৰ সহায় লওক। আগতীয়াকৈ ধৰা পেলোৱা আৰু সময়মতে চিকিৎসা কৰিলে জীৱন ৰক্ষা পৰিব পাৰে।

হাৰ্ট এটেক হোৱাৰ আশংকা কাৰ বেছি?

বয়সস্থ লোক: ডাঃ অজিত জৈনৰ মতে, বয়সৰ লগে লগে ধমনীত চৰ্বি জমা হোৱাৰ লগতে তেজৰ সোঁত বন্ধ হোৱাৰ আশংকা বৃদ্ধি পায়।

উচ্চ ৰক্তচাপ বা ডায়েবেটিছ ৰোগী: এই অৱস্থাবোৰে হৃদযন্ত্ৰত অতিৰিক্ত চাপ পেলায়, যাৰ ফলত হৃদযন্ত্ৰৰ পেশী দুৰ্বল হৈ পৰে।

ধূমপান আৰু মদ্যপান: নিকোটিন আৰু এলক’হল দুয়োটাই ৰক্তবাহী নলী সংকুচিত কৰি তেজৰ সোঁতত বাধাৰ সৃষ্টি কৰে।

মেদবহুল লোক: শৰীৰৰ অতিৰিক্ত চৰ্বিয়ে কলেষ্টেৰল আৰু ৰক্তচাপৰ মাত্ৰা বৃদ্ধি কৰে, যিয়ে হাৰ্ট এটেকৰ বাবে এক উল্লেখযোগ্য বিপদজনক কাৰকৰ সৃষ্টি কৰে।

পাৰিবাৰিক হৃদৰোগৰ ইতিহাস: জিনীয় কাৰকেও এই আশংকা বৃদ্ধি কৰে।

মানসিক চাপ আৰু বহি থকা জীৱনশৈলী: অহৰহ মানসিক চাপ, টোপনিৰ অভাৱ, ব্যায়ামৰ অভাৱ আদিয়েও হৃদযন্ত্ৰত নেতিবাচক প্ৰভাৱ পেলায়।

এই কাৰকসমূহ দেখা পোৱাৰ লগে লগে সময়মতে সাৱধানতা অৱলম্বন কৰিলে হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।

কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি:

  • দৈনিক কমেও ৩০ মিনিট খোজ কাঢ়িব বা ব্যায়াম কৰিব লাগে।
  • স্বাস্থ্যসন্মত, কম চৰ্বিযুক্ত খাদ্য গ্ৰহণ কৰক।
  • ধূমপান আৰু মদ্যপান বন্ধ কৰক।
  • নিয়মিতভাৱে ৰক্তচাপ, চেনি, কলেষ্টেৰল পৰীক্ষা কৰক।
  • ধ্যান আৰু পৰ্যাপ্ত টোপনিয়ে মানসিক চাপ কমোৱাত সহায় কৰিব পাৰে।
  • যদি পৰিয়ালত হৃদৰোগৰ ইতিহাস আছে, তেন্তে নিয়মীয়াকৈ হৃদৰোগ পৰীক্ষা কৰাব লাগে।

লগতে পঢ়ক: উচ্চ ৰক্তচাপত প্ৰথমে চকুত দেখা দিয়ে এই লক্ষণ, হেৰুৱাব পাৰে দৃষ্টিশক্তি