শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইউৰিক এচিড বৃদ্ধিৰ ফলত কোনবোৰ অংগ বেছিকৈ প্ৰভাৱিত হয়? ইয়াৰ লক্ষণ, প্ৰতিৰোধৰ উপায় জানক…

যদি শৰীৰত ইউৰিক এচিডৰ মাত্ৰা স্বাভাৱিকতকৈ অধিক বৃদ্ধি পায় তেন্তে ইয়াক হাইপাৰ ইউৰিচেমিয়া বুলি কোৱা হয়। এই অৱস্থাই ক্ৰমান্বয়ে শৰীৰৰ বহু অংগত আক্ৰান্ত কৰে আৰু সময়মতে নিয়ন্ত্ৰণ নকৰিলে গুৰুতৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। ইউৰিক এচিড প্ৰকৃততে শৰীৰত থকা পিউৰিন নামৰ মৌল এটাৰ বিভাজনৰ ফলত সৃষ্টি হয়।

ইউৰিক এচিড বৃদ্ধিৰ ফলত কোনবোৰ অংগ বেছিকৈ প্ৰভাৱিত হয়? ইয়াৰ লক্ষণ, প্ৰতিৰোধৰ উপায় জানক…
ইউৰিক এচিডImage Credit source: Boy_Anupong/Moment/Getty Images
trishna-kalita
Trishna Kalita | Published: 05 Jul 2025 22:29 PM

স্বাভাৱিক অৱস্থাত ইয়াক বৃক্কই ফিল্টাৰ কৰি উলিয়াই প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ কৰি দিয়ে, কিন্তু যেতিয়া ইয়াৰ উৎপাদন অধিক হয় বা বৃক্কই ইয়াক সঠিকভাৱে বাহিৰ কৰিব নোৱাৰে তেতিয়া ই শৰীৰত জমা হ’বলৈ আৰম্ভ কৰে। এই অৱস্থাক ইউৰিক এচিড বৃদ্ধি বুলি কোৱা হয়। বৃদ্ধি পোৱা ইউৰিক এচিডক সহজভাৱে লোৱাটো বিপদজনক হ’ব পাৰে কাৰণ ই কেৱল গাঁঠিত সীমাবদ্ধ নহয়, বৰঞ্চ বৃক্ক, হৃদযন্ত্ৰ, ছাল আৰু পাচনতন্ত্ৰৰ ক্ষতি কৰিব পাৰে।

ইউৰিক এচিড বৃদ্ধিৰ মূল কাৰণ কি কি জানো আহক…

  1. মেক্স হাস্পতালৰ ডাঃ ৰোহিত কাপুৰে কয় যে ইয়াৰ বাবে ভৰিৰ আঙুলি, আঁঠু, ভৰিৰ গোৰোহা আৰু আঙুলিৰ গাঁঠিবোৰ ফুলি উঠিব পাৰে আৰু ইয়াত তীব্ৰ বিষ হ’ব পাৰে, যাৰ ফলত বাতবিষো হ’ব পাৰে।  ইয়াৰ ফলত হঠাতে তীব্ৰ বিষ, জ্বলা-পোৰা আৰু ফুলা হয়, যাৰ ফলত খোজ কঢ়াত অসুবিধা হ’ব পাৰে।
  2. ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি হ’লে বৃক্কত পাথৰ সৃষ্টি হ’ব পাৰে। এই পাথৰবোৰ প্ৰস্ৰাৱৰ পথত আবদ্ধ হৈ পৰিব পাৰে, যাৰ ফলত প্ৰস্ৰাৱত জ্বলা, বিষ আৰু তেজ হ’ব পাৰে। দীৰ্ঘদিন ধৰি ইউৰিক এচিড বেছি হ’লে বৃক্কৰ ক্ষতি বা বিকল হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়, কাৰণ বৃক্কই এইবোৰ আঁতৰাব নোৱাৰা হৈ পৰে।
  3. বহু গৱেষণাৰ পৰা দেখা গৈছে যে ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি ৰক্তচাপ আৰু হৃদৰোগৰ সৈতে জড়িত হ’ব পাৰে। ই ৰক্তবাহী নলীৰ ক্ষতি কৰিব পাৰে, যাৰ ফলত উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰলৰ দৰে গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ উপৰিও হাৰ্ট এটেক বা ষ্ট্ৰোক হোৱাৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে।
  4. কিছুমান ক্ষেত্ৰত ইউৰিক এচিডৰ অধিক মাত্ৰাৰ ফলত শৰীৰত প্ৰদাহ হয়, যাৰ ফলত  পাচনতন্ত্ৰৰ সমস্যাও আৰম্ভ হয়। ইয়াৰ ফলত গেছ, বদহজম আৰু ভোক কমি যোৱাৰ দৰে সমস্যা হ’ব পাৰে।
  5.  ইউৰিক এচিড বেছি সময় থাকিলে ই ছালৰ তলত স্ফটিকৰ ৰূপত জমা হ’ব পাৰে, যাক টফী (Tophi) বুলি কোৱা হয়। এইবোৰ দেখাত কঠিন গোটৰ দৰে আৰু বিশেষকৈ আঙুলি, আঁঠু আৰু কাণৰ ওচৰত দেখা যায়।

সঠিক খাদ্যাভ্যাস, নিয়মীয়া ৰুটিন আৰু কিছুমান গুৰুত্বপূৰ্ণ অভ্যাস গ্ৰহণ কৰিলে আমি ইউৰিক এচিড নিয়ন্ত্ৰণত ৰাখিব পাৰো।

ইউৰিক এচিড বৃদ্ধি ৰোধ কৰাৰ সহজ উপায় জানক-

  • আটাইতকৈ গুৰুত্বপূৰ্ণ হ’ল মদ আৰু বিয়েৰ সম্পূৰ্ণৰূপে পৰিহাৰ কৰা।
  • নিজৰ ওজন নিয়ন্ত্ৰণত ৰাখক। সেউজীয়া চাহ আৰু নেমুৰ পানী খাব লাগে।
  •  ৰঙা মাংস, মাছ (বিশেষকৈ চাৰ্ডিন, এঞ্চোভি), অৰ্গেন মাংস (যেনে লিভাৰ), পটল, মচুৰ দাইল, কাঠফুুলা, পালেং আৰু বিয়েৰত পিউৰিন বেছি থাকে। সেইবোৰ খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।
  • দিনটো ৮-১০ গিলাচ পানী খালে বৃক্কই ইউৰিক এচিড ভালদৰে নিষ্কাশন কৰাত সহায় কৰে।
  • শীতল পানীয়, পেক কৰা জুচ, মিঠাই আৰু ফ্ৰুক্ট’জ চিৰাপৰ দৰে বস্তুৰ পৰা আঁতৰি থাকিব লাগে।
  • কম চৰ্বিযুক্ত দুগ্ধজাত সামগ্ৰী যেনে গাখীৰ আৰু দৈক শৰীৰৰ পৰা ইউৰিক এচিড আঁতৰোৱাত সহায়ক বুলি বিবেচিত হয়।
  • যদি ইউৰিক এচিড খাদ্য আৰু জীৱনশৈলীৰ দ্বাৰা নিয়ন্ত্ৰিত নহয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।

লগতে পঢ়ক: পুৱা শুই উঠিয়ে চকু-মুখ ফুলি থকা দেখে নেকি? ইয়াৰ কাৰণ, চিকিৎসা পদ্ধতি জানক…