শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কোনবোৰ ৰোগৰ বাবে হাড়ৰ বিষ হয়? প্ৰতিকাৰৰ সহজ উপায় জানক…

হাড়ৰ বিষ প্ৰায়ে সাধাৰণ সমস্যা যেন লাগিব পাৰে, কিন্তু বহু সময়ত শৰীৰৰ গুৰুতৰ সতৰ্কবাণী ইয়াৰ আঁৰত লুকাই থাকে। এই বিষ কেৱল বয়সৰ লগত জড়িত নহয়, জীৱনশৈলীৰ পৰিৱৰ্তন, পুষ্টিৰ অভাৱ আৰু কিছুমান বিশেষ ৰোগৰ লগতো জড়িত হ’ব পাৰে। এনে পৰিস্থিতিত এই বিষ কিয় হয় আৰু ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি জানো আহক।

কোনবোৰ ৰোগৰ বাবে হাড়ৰ বিষ হয়? প্ৰতিকাৰৰ সহজ উপায় জানক…
হাড়ৰ বিষ Image Credit source: unsplash
trishna-kalita
Trishna Kalita | Published: 06 Aug 2025 17:35 PM

আমাৰ দৈনন্দিন কাম-কাজ, শাৰীৰিক ক্ৰিয়া-কলাপ আৰু স্বাস্থ্যৰ বাবে শৰীৰৰ হাড় মজবুত হৈ থকাটো অতি প্ৰয়োজনীয়। কিন্তু বহু লোক অনবৰতে হাড়ৰ বিষ, জঠৰতা বা গধুৰতা আদি সমস্যাত আক্ৰান্ত হয়। এই বিষ কেতিয়াবা কঁকালত, কেতিয়াবা আঁঠুত আৰু কেতিয়াবা পিঠি বা কান্ধত অনুভৱ কৰিব পাৰি। কেতিয়াবা বতৰ সলনি হ’লে আৰু কেতিয়াবা বহু সময় বহি বা থিয় হৈ থকাৰ পিছতো এই বিষ বাঢ়ি যায়। কিছুমান মানুহৰ খোজ কঢ়াতো অসুবিধা হয়। বয়সৰ লগে লগে এই সমস্যা বাঢ়ি যায় যদিও এতিয়া কম বয়সীয়া লোকৰ ক্ষেত্ৰতো এই লক্ষণ দেখা পোৱা গৈছে। এয়া কেৱল স্বাভাৱিক বিষ নহয় বৰঞ্চ কোনো গুৰুতৰ ৰোগ বা পুষ্টিৰ অভাৱৰ লক্ষণো হ’ব পাৰে। ইয়াৰ কাৰণ জানি সময়মতে চিকিৎসা কৰিব লাগে।

হাড়ত অহৰহ বিষ হোৱাৰ বাবে কেৱল সমস্যাই নহয়, ই সমগ্ৰ শৰীৰৰ কাম-কাজত প্ৰভাৱ পেলায়। ইয়াৰ উপৰিও খোজকঢ়া, চিৰি বগোৱা বা বেঁকা হোৱা আদি স্বাভাৱিক কামবোৰো কঠিন কৰি তোলে। দীৰ্ঘদিনীয়া বিষৰ বাবে মানুহৰ শৰীৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে আৰু ভাগৰ সোনকালে অনুভৱ হয়। বহু সময়ত বিষৰ বাবে টোপনি সম্পূৰ্ণ নহয়, যাৰ ফলত মানসিক চাপ আৰু খিংখিঙীয়া হোৱা আদি সমস্যা  বৃদ্ধি পায়। ইয়াপ উপৰিও হাড়ৰ দুৰ্বলতাৰ বাবে ভাঙি যোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়। বিশেষকৈ বৃদ্ধসকলৰ এই অৱস্থা গুৰুতৰ হ’ব পাৰে। ইয়াৰ উপৰিও অহৰহ বিষৰ বাবেও শাৰীৰিক ভাৰসাম্যৰ অৱনতি ঘটিব পাৰে, যাৰ ফলত পৰি থকা আৰু আঘাত পোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে হাড়ৰ বিষক সহজভাৱে ল’লে স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হ’ব পাৰে।

কি ৰোগৰ বাবে হাড়ৰ বিষ হয় ?

মেক্স হাস্পতালৰ অৰ্থপেডিক বিভাগৰ ইউনিট হেড ডাঃ অখিলেশ যাদৱে কৈছে যে হাড়ত অহৰহ বিষ হোৱাটো বহু ৰোগৰ লক্ষণ হ’ব পাৰে। ইয়াৰ আটাইতকৈ সাধাৰণ কাৰণ হ’ল অষ্টিঅ’পৰ’ছিছ, য’ত হাড়বোৰ দুৰ্বল আৰু ফুটা হৈ পৰে। বিশেষকৈ ৰজোনিবৃত্তিৰ পিছত মহিলাৰ ক্ষেত্ৰত এনে দেখা যায়। ইয়াৰ উপৰিও ভিটামিন ডি আৰু কেলচিয়ামৰ অভাৱত হাড় দুৰ্বল হৈ পৰে, যাৰ ফলত সঘনাই বিষ হয়। কেতিয়াবা অষ্টিঅ’আৰ্থাইটিছ বা বাতবিষৰ দৰে ৰোগেও গাঁঠি আৰু হাড়ৰ ফুলা আৰু বিষৰ সৃষ্টি কৰে। এই সমস্যাৰ কাৰণ হৈছে অটোইম্যুন ডিছঅৰ্ডাৰ, য’ত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই নিজৰ হাড়ত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে।

কিছুমান ক্ষেত্ৰত হাড়ৰ সংক্ৰমণ (অষ্টিঅ’মাইলাইটিছ) বা কেন্সাৰ আদি গুৰুতৰ ৰোগও এই বিষৰ কাৰণ হ’ব পাৰে। যদি কাৰোবাৰ ডেংগু, চিকুংগুনিয়া বা ভাইৰেল জ্বৰ হয়, তেন্তে তাৰ পিছতো হাড়ৰ বিষ বহুদিনলৈকে থাকিব পাৰে। গতিকে যদি বিষটো দীৰ্ঘদিন ধৰি থাকে আৰু স্বাভাৱিক ব্যৱস্থাৰে আৰোগ্য লাভ কৰা নাই তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়।

কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

  • প্ৰতিদিনে কমেও ২০ মিনিট ৰ’দত কটাব লাগে, যাতে আপুনি ভিটামিন ডি পায়।
  • কেলচিয়াম সমৃদ্ধ খাদ্য যেনে গাখীৰ, দৈ, পনীৰ আৰু সেউজীয়া পাতৰ পাচলি খাব লাগে।
  • দৈনিক লঘু ব্যায়াম কৰক।
  • একে অৱস্থাতে বেছি সময় বহি নাথাকিব।
  • শৰীৰত ডিহাইড্ৰেচন হ’বলৈ নিদিব।
  • আপোনাৰ ওজন নিয়ন্ত্ৰণত ৰাখক।
  • মাজে মাজে হাড়ৰ ঘনত্ব পৰীক্ষা কৰাব লাগে।
  • চিকিৎসকৰ পৰামৰ্শ মতে ভিটামিন ডি আৰু কেলচিয়ামৰ পৰিপূৰক গ্ৰহণ কৰক।

লগতে পঢ়ক: কোনসকল লোকৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা অধিক? চিকিৎসকৰ পৰা জানক…