শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কোনসকল পুৰুষৰ প্ৰেমত বেছিকৈ পৰে মহিলা? জানক ৫ টা বিশেষ গুণ…

প্ৰায় প্ৰতিগৰাকী মানুহে জীৱনত এজন ভাল সংগী বিচাৰে। পুৰুষসকলেও এগৰাকী ভাল নাৰী জীৱনত বিচাৰে। পিছে এগৰাকী যুৱতীয়ে কেনে পুৰুষ পচন্দ কৰে? এই লেখাটোত ইয়াৰ বিষয়ে সবিশেষ উল্লেখ কৰা হ'ল।

কোনসকল পুৰুষৰ প্ৰেমত বেছিকৈ পৰে মহিলা? জানক ৫ টা বিশেষ গুণ…
প্ৰেমৰ সম্পৰ্কImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 06 Oct 2025 20:11 PM

প্ৰায় প্ৰতিগৰাকী লোকে জীৱনত এজন ভাল সংগী বিচাৰে। যিয়ে তেওঁক মৰম কৰে, লগতে সুখ-দুখ সকলো সময়তে লগ দিয়ে। কিন্তু বহু সময়ত প্ৰেমৰ সম্পৰ্কত সমস্যাৰ সৃষ্টি হোৱা দেখা যায়।  যুৱতীসকলে বহু ভাবি চিন্তি সংগীক নিৰ্বাচন কৰে। পিছে প্ৰশ্ন হয়, কেনে পুৰুষক যুৱতীয়ে পচন্দ কৰে? কোন পুৰুষৰ প্ৰতি যুৱতী আকৰ্ষিত হয়? তলত সবিশেষ উল্লেখ কৰা হ’ল-

মনৰ কথাঃ যেতিয়া সম্পৰ্ক এটাত ইজনে আনজনক সকলো কথা শ্বেয়াৰ কৰিব পৰা পৰিৱেশ এটা থাকে সেই সম্পৰ্ক বেছি দিনলৈ চলে। যুৱতীসকলে এনে যুৱক ভাল পাই যাৰ ওচৰত তেওঁ মনৰ সকলো ভাব আৰু সিদ্ধান্ত মুকলিকৈ প্ৰকাশ কৰিব পাৰে। ই সম্পৰ্ক এটাৰ বাবে শক্তিশালী ভেটি।

আৱেগক গুৰুত্বঃ কোৱা হয় পুৰুষতকৈ মহিলাৰ আৱেগ বেছি। গতিকে যুৱতীসকলে এনে এজন যুৱক বিচাৰে যিয়ে তেওঁৰ অনুভৱক সন্মান জনায়।সংবেদনশীল আৰু বুজাবুজিৰ পুৰুষে নাৰীৰ হৃদয় সোনকালে জয় কৰে। এনে সম্পৰ্কত ইতিবাচকতাও থাকে।

সলনি কৰাৰ চেষ্টা নকৰাঃ যুৱক বা যুৱতী সকলোৱে এনে এজন সংগী বিচাৰে যিয়ে কেতিয়াও সংগীক সলনি কৰিব নিবিচাৰে। প্ৰতিগৰাকী ব্যক্তিৰ নিজা নিজা ব্যক্তিত্ব বা পৰিচয় থাকে। সেই অনুসৰি মানুহক আঁকোৱালি লোৱা প্ৰয়োজন। যদি সংগীয়ে আনজন সংগীৰ ওপৰত নিজৰ ইচ্ছা বা সিদ্ধান্তৰ হেঁচা প্ৰয়োগ কৰাৰ চেষ্টা কৰে তেন্তে সমস্যা আহিব পাৰে। গতিকে যি যুৱকে প্ৰেয়সীৰ সিদ্ধান্তক সন্মান জনাই, তেওঁক সলনি কৰাৰ চেষ্টা নকৰে তেনে লোকক পচন্দ কৰে।

বিশ্বাসঃ যিকোনো সম্পৰ্কত বিশ্বাস অতি প্ৰয়োজন। যি পুৰুষে প্ৰেয়সীক বিশ্বাস কৰে তেনে লোকক মহিলাই পচন্দ কৰে। ইয়াৰোপৰি প্ৰতিগৰাকী মহিলাই বিচাৰে ভাল-বেয়া সময়ত সংগী তেওঁৰ লগত থাকক আৰু তেওঁক বিশ্বাস কৰক।

কথা শুনাঃ বহু সময়ত যুৱতীসকলে বিচাৰে যে তেওঁলোকে এনে সংগী লাভ কৰক যিয়ে তেওঁৰ কথা শুনাৰ ধৈৰ্য ৰাখে। ছোৱালীৰ আৱেগ বেছি। সেই অনুসৰি যাতে পুৰুষ এজনে প্ৰেয়সীৰ ভাল-বেয়া সকলো কথা শুনে। এক কথাত মহিলাই এনে এজন পুৰুষ বিচাৰে যাৰ ওচৰত তেওঁ সকলো কথা শ্বেয়াৰ কৰিব পাৰে আৰু সংগীয়ে সেই কথা ধৈৰ্য সহকাৰে শুনে।

 

 

অন্য খবৰ পঢ়কঃ বন্ধ হ’ব চুলি সৰা! হৈ পৰিব ঘন আৰু দীঘল, আজিয়ে গ্ৰহণ কৰক এই সহজ টিপচ…