শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

থাইৰয়ডৰ সমস্যা হ’লে কি কি খাব লাগে, কি নালাগে, জানক সকলো…

আজিকালি বহুতৰে মাজত থাইৰয়ডৰ সমস্যাই দেখা দিছে। যেতিয়া মানুহৰ থাইৰয়ডৰ সমস্যাৰ সৃষ্টি হয় তেতিয়া কিছুমান বস্তু খাব লাগে আৰু কিছুমান বস্তু খোৱাৰ পৰা বিৰত থাকিব লাগে।

থাইৰয়ডৰ সমস্যা হ’লে কি কি খাব লাগে, কি নালাগে, জানক সকলো…
থাইৰয়ডImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 24 Jul 2025 11:30 AM

থাইৰয়ড এক গুৰুত্বপূৰ্ণ গ্ৰন্থি, ই আমাৰ ডিঙিৰ সন্মুখৰ অংশত অৱস্থিত আৰু ইয়াৰ আকৃতি পখিলাৰ দৰে। ই আমাৰ শৰীৰৰ বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ কৰে। যেতিয়া এই গ্ৰন্থিয়ে সঠিকভাৱে কাম নকৰে তেতিয়া শৰীৰত হৰম’নৰ ভাৰসাম্যহীনতা দেখা দিয়ে। ইয়াৰ ফলত ওজন বৃদ্ধি, ভাগৰুৱা, চুলি সৰা, মুড সলনি, মাহেকীয়াত সমস্যা আদি হয়।

থাইৰয়ড দুই প্ৰকাৰৰ – হাইপোথাইৰয়ডিজম, য’ত হৰম’ন কম উৎপাদন হয় আৰু শৰীৰৰ বিপাকীয় ক্ৰিয়া লেহেমীয়া হয়। দ্বিতীয়টো হ’ল হাইপাৰথাইৰয়ডিজম, য’ত অধিক হৰম’ন উৎপন্ন হয় আৰু বিপাকীয় ক্ৰিয়া দ্ৰুত হয়। দুয়োটা অৱস্থাতে সঠিক খাদ্যাভ্যাস কৰাটো অতি প্ৰয়োজনীয়। যেতিয়া থাইৰয়ডৰ সমস্যাৰ সৃষ্টি হয় তেতিয়া চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ আৰু ৰুটিন মানি চলিব লাগে।

কি খাব লাগে

যেতিয়া মানুহৰ থাইৰয়ডৰ লগত জড়িত সমস্যাৰ সৃষ্টি হয় তেতিয়া আয়’ডিন, চেলেনিয়াম, জিংক, ভিটামিন বি ১২ আদি অন্তৰ্ভুক্ত কৰা উচিত। থাইৰয়ড হৰম’ন তৈয়াৰ কৰাৰ বাবে ই আটাইতকৈ গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ। আয়’ডিনৰ অভাৱত হাইপ’থাইৰয়ডিজম হ’ব পাৰে। ইয়াৰ বাবে আয়’ডিনযুক্ত নিমখ ব্যৱহাৰ কৰিব লাগে। ইয়াৰোপৰি সাগৰীয় খাদ্য যেনে মাছ,মিছা মাছ  আদি আদি খাব পাৰে। চেলেনিয়াম হৈছে এবিধ খনিজ যিয়ে থাইৰয়ডক ক্ষতিৰ পৰা ৰক্ষা কৰে। ই আখৰোট (বিশেষকৈ ব্ৰাজিল বাদাম), কণী, গোটা শস্য আৰু সূৰ্যমুখীৰ গুটিত পোৱা যায়।

জিংকে থাইৰয়ড হৰম’ন উৎপাদনতো সহায় কৰে। এনে ক্ষেত্ৰত আপুনি গাখীৰ, দৈ, দাইল আদি খাব পাৰে। ভিটামিন বি ১২ৰ অভাৱত ভাগৰুৱা আৰু দুৰ্বলতাও হয়। এনে ক্ষেত্ৰত ৰোগীয়ে গাখীৰ, কণী আৰু ফৰ্টিফাইড শস্য খাব পাৰে। লগতে থাইৰয়ডৰ সমস্যা থাকিলে দাইল, পনীৰ, সৰিয়হ, কণী, কুকুৰাৰ মাংস আদি খাব পাৰে। ইয়াৰ ফলত পেশী শক্তিশালী হয়। ইয়াৰোপৰি থাইৰয়ড ৰোগীয়ে পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে।

কি খাব নালাগে

থাইৰয়ডৰ সমস্যা থাকিলে ৰোগীয়ে ব্ৰকলি, ফুলকবি, কবি, মূলা আদি খাব নালাগে। এই বস্তুসমূহ কেঁচা খোৱাৰ পৰা বিৰত থাকক। ভালদৰে সিজাই ইয়াক গ্ৰহণ কৰিব পাৰে।

কিছুমান ৰোগীৰ বাবে সৰিয়হৰ পৰা তৈয়াৰ কৰা সামগ্ৰীও ভাল নহয়। গতিকে এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। অত্যধিক চেনি আৰু প্ৰচেছড খাদ্য খোৱাৰ পৰা বিৰত থাকক কিয়নো ইয়াৰ ফলত শৰীৰৰ ওজন বৃদ্ধি হোৱাৰ লগতে প্ৰদাহ বৃদ্ধি পায়। কেফেইন (যেনে চাহ, কফি) আৰু মদ্যপান কম কৰিব লাগে কাৰণ ই টোপনি আৰু হৰম’নৰ ভাৰসাম্যত প্ৰভাৱ পেলায়।

চিকিৎসকৰ পৰামৰ্শ

কেৱল চিকিৎসা নহয়, থাইৰয়ডৰ সমস্যা থকা ৰোগীসকলে খাদ্যৰ ওপৰতো গুৰুত্ব দিব লাগে। এই ক্ষেত্ৰত অধিক জানিবলৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ।

 

অন্য খবৰ পঢ়কঃ সঘনাই পেট ফুলাৰ সমস্যাত ভোগে নেকি? তেন্তে হ’ব পাৰে এই ৪ গুৰুতৰ ৰোগৰ লক্ষণ, জানক…