শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সঘনাই পেট ফুলাৰ সমস্যাত ভোগে নেকি? তেন্তে হ’ব পাৰে এই ৪ গুৰুতৰ ৰোগৰ লক্ষণ, জানক…

প্ৰায়ভাগ মানুহে পেটৰ লগত জড়িত বিভিন্ন সমস্যাত ভোগে। পেট ফুলা সমস্যাই মানুহক বহু অশান্তি দিয়ে। কিন্তু সকলো সময়তে ই গেছৰ কাৰণে নহ'ব পাৰে। ইয়াৰ আঁৰত থাকিব পাৰে কাৰণ। ইয়াৰ বিষয়ে জনা দৰকাৰ।

সঘনাই পেট ফুলাৰ সমস্যাত ভোগে নেকি? তেন্তে হ’ব পাৰে এই ৪ গুৰুতৰ ৰোগৰ লক্ষণ, জানক…
পেট ফুলাImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 23 Jul 2025 09:31 AM

যেতিয়া মানুহৰ পেট ফুলা সমস্যা হয় তেতিয়া বহুতে ভাবে যে এয়া গেছ বা কিবা খাদ্য় খোৱাৰ বাবে হৈছে। কিন্তু বাৰে বাৰে যদি এই সমস্যা হয় তেন্তে ই কোনো গুৰুতৰ ৰোগৰ লক্ষণো হ’ব পাৰে। কেতিয়াবা পেট ফুলা শৰীৰৰ ভিতৰৰ কোনো ৰোগৰ সংকেত হ’ব পাৰে।  যি ভৱিষ্যতে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে।

দিল্লী এইমছৰ গেষ্ট্ৰ’লজী বিভাগৰ প্ৰাক্তন ডাঃ অনন্যা গুপ্তাই কয় যে বহু ৰোগ পেট ফুলাৰ কাৰণ হ’ব পাৰে।

  1. ইৰিটেবল বাৱেল চিনড্ৰম (IBS) ৰ লক্ষণ হ’ব পাৰে। ই অন্ত্ৰৰ লগত জড়িত দীৰ্ঘদিনীয়া, দীৰ্ঘস্থায়ী সমস্যা। এই ৰোগত ব্যক্তিজনে সঘনাই পেটৰ ক্ৰেম্প, গেছ, ডায়েৰিয়া বা কোষ্ঠকাঠিন্য আৰু পেট ফুলা অনুভৱ কৰে। মানসিক চাপ, খাদ্যাভ্যাসত ব্যাঘাত জন্মা, টোপনিৰ অভাৱ আৰু হৰম’নৰ ভাৰসাম্যহীনতাৰ বাবে এই ৰোগ হব পাৰে। এই ৰোগত খাদ্য খোৱাৰ লগে লগে মানুহে পেট ফুলা অনুভৱ কৰে।
  2. লেক্ট’জৰ সমস্যা। কিছুমান লোকৰ শৰীৰে গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী সঠিকভাৱে হজম কৰিব নোৱাৰে। তেওঁলোকৰ ক্ষেত্ৰত এই সমস্যা হয়। লেক্ট’জ হৈছে গাখীৰত পোৱা এক প্ৰকাৰৰ চেনি, যাক হজম কৰিবলৈ লেক্টেজ নামৰ এনজাইমৰ প্ৰয়োজন হয়। যদি শৰীৰত এই এনজাইম উৎপন্ন নহয়, তেন্তে গাখীৰ খোৱাৰ পিছত পেট ফুলা, পেটৰ বিষ, ডায়েৰিয়া বা গেছৰ দৰে সমস্যা হ’বলৈ আৰম্ভ কৰে।
  3.  লিভাৰ সম্পৰ্কীয় যিকোনো ৰোগৰ বাবে হ’ব পাৰে। যেনে ফেটি লিভাৰ বা লিভাৰ চিৰ’ছিছ। যকৃতৰ কাৰ্যক্ষমতা কমি গ’লে শৰীৰত বিষাক্ত পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে আৰু পেটত পানী ভৰিবলৈ আৰম্ভ কৰে। এই সমস্যাত পেট ফুলাৰ লগতে ভাগৰুৱা, বমি, ভোক কমি যোৱা আৰু ছাল বা চকু হালধীয়া হোৱা আদি লক্ষণো দেখা যায়।
  4.  মহিলাৰ ডিম্বাশয়ৰ সমস্যাত হ’ব পাৰে। যেনে ডিম্বাশয়ৰ চিষ্ট বা পিচিঅ’এছ। যদি কোনো মহিলাই প্ৰতিমাহে পেট ফুলাৰ লগতে অনিয়মিত মাহেকীয়া, মুখত পিম্পল বা ওজন বৃদ্ধিৰ অভিজ্ঞতা লাভ কৰে, তেন্তে এইবোৰ ডিম্বাশয়ৰ পৰিৱৰ্তন বা হৰম’নৰ ভাৰসাম্যহীনতাৰ লক্ষণ হ’ব পাৰে।

বিশেষজ্ঞৰ পৰামৰ্শ

যদি আপুনি অনবৰতে পেট ফুলাৰ সমস্যাত ভুগি থাকে, ইয়াৰ লগতে ওজন কমি যোৱা বা পেটত কঠিনতা অনুভৱ কৰে, তেন্তে ইয়াক সহজভাৱে ল’ব নালাগে। এই ক্ষেত্ৰত চিকিৎসকৰ ওচৰত পৰীক্ষা কৰাই ভাল।

 

অন্য খবৰ পঢ়কঃ পুনৰ ওলাইছে চৰকাৰী চাকৰি! ক’ত, কেনেকৈ আবেদন কৰিব জানক…