নিম্ন ৰক্তচাপ থকা ৰোগীয়ে কি খাদ্য খাব লাগে আৰু কি নালাগে? জানক বিশেষজ্ঞৰ পৰা…
উচ্চ ৰক্তচাপ (High BP) আৰু নিম্ন ৰক্তচাপ (Low BP) দুয়োটাই গুৰুতৰ স্বাস্থ্যজনিত সমস্যা। বহু লোকে এই সমস্যাত ভোগা দেখা যায়। যেতিয়া মানুহে নিম্ন ৰক্তচাপৰ সমস্যাত ভোগে তেতিয়া কিছুমান বিশেষ বস্তু খাব পাৰে।

আজিকালি বহুতে উচ্চ ৰক্তচাপ বা নিম্ন ৰক্তচাপৰ সমস্যাত ভোগা দেখা যায়। যেতিয়া শৰীৰে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন আৰু পুষ্টিকৰ পদাৰ্থ লাভ নকৰে, তেতিয়া তাক লো ব্লাড প্ৰেচাৰ (Low BP) বা নিম্ন ৰক্তচাপ (Hypotension) বুলি কোৱা হয়। ইয়াৰ ফলত ভাগৰুৱা, মূৰ ঘূৰোৱা, দৃষ্টিশক্তি ম্লান হোৱা, মূৰ্চ্ছা যোৱা আৰু হৃদস্পন্দন লেহেমীয়া হোৱা আদি সমস্যা হ’ব পাৰে। দীৰ্ঘদিন ধৰি থাকিলে হৃদযন্ত্ৰ, বৃক্ক আৰু মগজুৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।
নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণৰ ভাল উপায় হ’ল খাদ্য। এনে ৰোগীয়ে খাদ্যত নিমখ অলপ বেছিকৈ খাব পাৰে, কাৰণ নিমখত থকা ছডিয়ামে ৰক্তচাপ বৃদ্ধিত সহায় কৰে। কিন্তু চিকিৎসকে অনুমতি দিলেহে এই কাম কৰক। কিয়নো নিমখৰ বেয়া গুণো আছে। ইয়াৰোপৰি প্ৰচুৰ পৰিমাণে পানী খাব পাৰে। লগতে নাৰিকল পানী, মাখন, লেমনেড আৰু অ’ আৰ এছ আদি নিম্ন ৰক্তচাপ ৰোগীৰ বাবে উপকাৰী।
ডায়েটিচিয়ান ডাঃ ৰক্ষিতা মেহৰাই কয় যে লো বি পি থকা লোকে আইৰণ, ভিটামিন বি ১২ আৰু ফ’লেটযুক্ত বস্তু খাব লাগে কাৰণ ই তেজ গঠনত সহায় কৰে আৰু শৰীৰক শক্তি প্ৰদান কৰে। কণী, গাখীৰ, দৈ, আলমণ্ড, বুটমাহ, কল, ডালিম, সেউজীয়া শাক-পাচলি আৰু অংকুৰিত শস্য অতি উপকাৰী বুলি বিবেচিত হয়। দিনটোত ৪-৫ বাৰ সামান্য পৰিমাণে খাব লাগে যাতে শৰীৰে শক্তি লাভ কৰি থাকে।
নিমখ সুষমভাৱে সেৱন কৰকঃ এইসকল ৰোগীয়ে নিমখ খোৱাতো ভাল। কিয়নো নিমখত ছডিয়াম থাকে যিয়ে ৰক্তচাপ বৃদ্ধি কৰে। অৱশ্যে অন্য কোনো ৰোগ থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।
পানী আৰু হাইড্ৰেচন বৃদ্ধি কৰকঃ শৰীৰত পানীৰ অভাৱত বি পি আৰু অধিক হ্ৰাস পাব পাৰে। দৈনিক কমেও ২.৫ৰ পৰা ৩ লিটাৰ পানী খাব লাগে। নাৰিকল পানী, মাখন, লেমনেড আৰু ইলেক্ট্ৰলাইট পানীয়ও উপকাৰী।
আহাৰ গ্ৰহণ কৰক– দিনটোত ২ ঘন্টাৰ মূৰে মূৰে লঘু আহাৰ গ্ৰহণ কৰক। ইয়াৰ ফলত শৰীৰৰ তেজৰ চলাচল ভাল থাকে।
পটাছিয়াম আৰু ভিটামিন বি১২ সমৃদ্ধ খাদ্য খাওক– কণী, গাখীৰ, দৈ, কল, মিঠা আলু, কচু, ব্ৰকলি, আলমণ্ড আদি খাব পাৰে।
কফি বা সেউজীয়া চাহ- কিছুমান ক্ষেত্ৰত কেফেইনে সাময়িকভাৱে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। পুৱা বা দুপৰীয়া ১ কাপ কফি বা গ্ৰীণ টি সেৱন কৰিলে উপকাৰ হ’ব পাৰে (ৰাতি নাখাব)।
শুকান ফল আৰু নিমখীয়া জলপান- তিয়াই থোৱা কিচমিচ, খেজুৰ, বাদাম, মাখানা আৰু লঘু নিমখযুক্ত জলপান দিনটোত এবাৰ খাব পাৰিবষ
কি খাব নালাগে
- বেছিকৈ মিঠাই,
- ভজা আৰু অতি তেলীয়া বস্তু খাব নালাগে।
- মদ্যপানে কৰিব নালাগে,
- একেলগে বহুত খাদ্য খোৱা বেয়া।
এই ক্ষেত্ৰত আপুনি অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।
অন্য খবৰ পঢ়কঃ সঘনাই টেঙা উগাৰ আহি থাকে নেকি? ইয়াৰ কাৰণ আৰু পৰিত্ৰাণৰ উপায় জানক…